দেশত পুনৰ দৈনিক কৰ’না সংক্ৰমণৰ ঘটনাৰ ক্ষেত্ৰত বিশ্বৰেকৰ্ডৰ ধাৰা অব্যাহত আছে। বুধবাৰে বিশ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি প্ৰথমবাৰৰ বাবে প্ৰায় ৩লাখ ১৫হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছিল।
সেইদৰে, বৃহস্পতিবাৰে প্ৰায় ৩লাখ ৩৩হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছিল।
শনিবাৰে পুৱা দাঙি ধৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দেশত ৩লাখ ৪৬হাজাৰ ৭৮৬ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। এয়া দৈনিক সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক।
সেইদৰে দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১কোটি ৬৬লাখ ১০হাজাৰ ৪৮১জন।
বিগত ২৪ ঘন্টাত দেশত ২হাজাৰ ৬২৪ জন লোকৰ কৰ’নাত মৃত্যু হৈছে। দেশত এতিয়া মুঠ মৃত্যুৰ সংখ্যা ১লাখ ৮৯হাজাৰ ৫৪৪জনলৈ বৃদ্ধি পাইছে।
ইপিনে, বিগত ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ২লাখ ১৯হাজাৰ ৮৩৮জন লোকে। এয়া দৈনিক আক্ৰান্তৰ সংখ্যাতকৈ বহু কম। ইয়াৰ ফলত দেশত মুঠ সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা ২৫লাখ ৫২হাজাৰ ৯৮০জনলৈ বৃদ্ধি পালে।
দেশত এতিয়ালৈকে মুঠ ১কোটি ৩৮লাখ ৬৭হাজাৰ ৯৯৭জন লোক কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।
আনহাতে, দেশত এতিয়ালৈ মুঠ ১৩ কোটি ৮৩লাখ ৭৯হাজাৰ ৮৩২জন লোকে কৰ’নাৰ ভেকচিন লাভ কৰিছে।
বিগত তিনিদিনতেই দেশত কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে প্ৰায় ১০ লাখ। ইয়াৰ পূৰ্বে বিশ্বৰ কোনো দেশতে সংক্ৰমণৰ এনে ভয়াবহ ছবি দেখা যোৱা নাছিল।