NORTHEAST NOW (Assamese)

কামৰূপ মহানগৰ জিলাত দোকান খোলাৰ সময় বান্ধি দিলে প্ৰশাসনে

March 26, 2020 4:51 pm · দীপজ্যোতি শৰ্মা
Updated: March 26, 2020 4:56 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

লকডাউনৰ মাজত কামৰূপ মহানগৰ জিলাত দোকান খোলা ৰখাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিছে প্ৰশাসনে।

২৬ মাৰ্চৰ পৰা তৎকালে কাৰ্য্যকৰী হোৱাকৈ এই নিৰ্দেশনা বলৱৎ হ’ব।

মহানগৰখনত পাইকাৰী দোকানসমূহ পুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈকে খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

আনহাতে খুচুৰা দোকানসমূহ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

সুলভ মূল্যৰ সামগ্ৰীৰ দোকানৰ পৰা আৰম্ভ কৰি ডিপাৰ্টমেণ্টেল ষ্ট’ৰ/ শ্বপিং মল (কেৱল গ্ৰ’চাৰি)লৈকে ধৰি সকলো দোকানৰ ক্ষেত্ৰতে এই নিৰ্দেশনা প্ৰযোজ্য হ’ব।

তাৰোপৰি দোকানসমূহ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পৰিষ্কাৰ কৰি ৰখা আৰু দোকানৰ কৰ্মচাৰী আৰু গ্ৰাহকৰ মাজত সামাজিক দূৰত্ব বজাই ৰখাৰ বাবেও নিৰ্দেশ দিয়া হৈছে।

লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় জঞ্জালহীন কৰি ৰখাৰ বাবে এই নিৰ্দেশনা দিয়া হৈছে।

অসমত এতিয়ালৈকে কোনো কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হোৱা নাই যদিও দেশত এই সংখ্যাই ৬০০ৰ সীমা অতিক্ৰম কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে কৰ’নাভাইৰাছ প্ৰতিহত কৰাৰ বাবে সমগ্ৰ দেশত ২১ দিনৰ লকডাউন ঘোষণা কৰিছে।

প্ৰধান মন্ত্ৰীয়ে দেশৰ প্ৰত্যেকজন লোককে মহামাৰীবিধক গুৰুত্বসহকাৰে লৈ ঘৰতে থাকিবলৈ আহ্বান জনাইছে।

Related News