জৰুৰী জাননী : ২৯ মাৰ্চলৈ বন্ধ থাকিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান, ছবিগৃহ, ৰাজহুৱা অনুষ্ঠান

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজ্যৰ সকলো স্কুল, কলেজ, বিশ্ববিদ্যালয় আৰু ছুইমিং পুল আজিৰ পৰা ২৯ মাৰ্চলৈ বন্ধ ৰখাৰ নিৰ্দেশ দিছে।

খানাপাৰাস্থিত প্ৰশাসনীয় প্ৰাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই।

তেওঁ জনোৱা মতে CBSE আৰু অন্যান্য বৰ্ড পৰীক্ষাৰ বাহিৰে সকলো স্কুল কলেজৰ পৰীক্ষা বাতিল কৰা হৈছে।

সকলো চৰকাৰী কাৰ্য্যসূচী বন্ধ কৰিবলৈ দিয়া হৈছে লগতে ব্যক্তিগত ভাৱে আয়োজিত হ’বলগীয়া ৰাজহুৱা অনুষ্ঠান বাতিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই সময়ছোৱাত ৰাজ্যৰ সকলো ছবিগৃহ বন্ধ কৰিব লাগিব।

ইয়াৰ উপৰি বজাৰসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ কয়।

উল্লেখযোগ্য যে বৰ্তমানলৈকে ভাৰতত ১০৭জন লোক ক’ৰ’না ভাইৰাছত আক্রান্ত হৈছে, ইয়াৰে ১৭জন বিদেশী পৰ্যটক। ভাৰতত এই ভাইৰাছৰ ফলত দুজন লোকৰ মৃত্যু হৈছে। বিশ্বৰ ১৪৯খন দেশৰ ১.৫ লাখ লোক ক’ৰ’নাত আক্রান্ত হৈছে আৰু ৫৬০৪জন লোকৰ মৃত্যু হৈছে।

অসমত এই পৰ্যন্ত এজনো লোক আক্ৰান্ত হোৱা নাই বুলি উল্লেখ কৰি কৃষ্ণই কয়, ‘অসমত ক’ৰ’না ৰোগীৰ বাবে ৮৫০ বে’ড সাজু কৰি ৰখা হৈছে। ৫০জন ক’ৰ’না আক্ৰান্তৰ বাবে সুকীয়া আই চি ইউ খোলা হৈছে।’

অসমত অহা সকলো পৰ্যটকক পৰীক্ষা কৰা হৈছে বুলি জানিবলৈ দিয়ে ৰাজ্য চৰকাৰৰ আয়ুক্ত সচিব এম অংগমুথুয়ে। ‘ৰাজ্য চৰকাৰে ৰাইজক সকলো ধৰণৰ সহায় কৰিবলৈ সাজু। ভয় নাখাব আৰু ভয় নুখুৱাব।’ তেওঁ কয়।

আনহাতে এতিয়া পৰ্যটনখণ্ড বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা নাই যদিও পৰিস্থিতি বেয়া হ’লে এপ্ৰিল মাহৰ আগতে অসমৰ পৰ্যটন ক্ষেত্ৰ সমূহ বন্ধ কৰা হ’ব পাৰে তেওঁ লগতে জানিবলৈ দিয়ে।