NORTHEAST NOW (Assamese)

সুস্থ হৈ ঘৰলৈ ওভতিল ক’ৰ’নাক্ৰান্ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন

April 12, 2020 7:43 pm · এন ই নাও নিউজ
Updated: April 12, 2020 7:45 pm
ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন (ফাইল ফ'টো)

ক’ৰ’নাত আক্ৰান্ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন ক্ৰমাৎ সুস্থ হৈ উঠিছে।

ৰয়টাৰৰ বাতৰি অনুসৰি ব্ৰিটিছ প্ৰধনমন্ত্ৰীগৰাকীক সুস্থ হৈ উঠাৰ বাবে চিকিৎসালয়ৰ কৰ্তৃপক্ষই ইতিমধ্যে ঘৰলৈ যাবলৈ অনুমতি দিছে।

ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠান ৰয়টাৰে কয় যে ‘সুস্থ হৈ উঠাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক হাস্পতাল কৰ্তৃপক্ষই বাসগৃহ চেকুৱেৰলৈ যাবলৈ দিছে।’

অৱশ্যে চিকিৎসকৰ দলটোৱে প্ৰধানমন্ত্ৰীজনক কিছুদিন জিৰণি ল’বলৈ পৰামৰ্শ দি কৈছে যে, ‘তেওঁ শীঘ্ৰে কামত ব্যস্ত হোৱা উচিত নহ’ব।’

উল্লেখ্য যে, ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বাবে ৫৫ বছৰীয়া প্ৰধানমন্ত্ৰী বৰিছক লণ্ডনৰ চেন্ট থমাছ হাস্পতালত চিকিৎসা কৰি থকা হৈছিল।

মাজতে ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ স্বাস্থ্য অধিক অৱনিত ঘটাৰ বাবে যোৱা ৬ এপ্ৰিলত আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

Related News