Coronavirus India Update: ভাল খবৰ! উৎসৱৰ সময়তে দেশত হ্ৰাস পালে কৰ’নাৰ দৈনিক সংক্ৰমণ; মৃত্যুৰ ঘটনা

Corona Mask

Coronavirus India Update উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ সময়ত দেশত কৰনাৰ দৈনিক সংক্ৰমণ নিম্নগামী হোৱাৰ লগতে মৃত্যুৰ সংখ্যা হ্ৰাস পোৱাত স্বাভাৱিকতে স্বস্তি দেখা গৈছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ কনাত আক্ৰান্ত হৈছে ১৮হাজাৰ ৩২ জন লোক। দেওবাৰে দেশত মুঠনাত আক্ৰান্ত হৈছিল ১৮হাজাৰ ১৬৬ জন লোক।

দেশত মুঠ কৰনা আক্ৰান্তৰ সংখ্যা হৈছে ৩কোটি ৩৫লাখ ৭৭হাজাৰ ২৯৫ জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ১৯৩ জন কৰনা আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰনাত মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৫০হাজাৰ ৭৮২জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ২হাজাৰ ৫৬৩জন।

Also Read:ব্যতিক্ৰম! ৩ বছৰ বয়সৰ পৰাই নিজ হাতে সাজি উলিওৱা দুৰ্গা প্ৰতিমা প্ৰতিষ্ঠাৰে পালন কৰি আহিছে পূজা

দেশত মুঠ কৰনাৰ পৰা মুক্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ৩কোটি ৩২ লাখ ৯৩ হাজাৰ ৪৭৮জন।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২লাখ ২৭হাজাৰ ৩৪৭জন।

আনহাতে, দেশত এতিয়ালৈকে প্ৰায় ৯কোটি ১৯লাখ ৮৪ হাজাৰ ৩৭১ জন লোকক কৰনাৰ ভেকচিন প্ৰদান কৰা হৈছে।

ইপিনে, কেৰেলাৰ কৰ’না পৰিস্থিতিয়ে এতিয়াও উদ্বিগ্নতা বৰ্তাই ৰাখিছে। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুনকৈ আক্ৰান্ত হৈছে ১০হাজাৰ ৬৯১জনৰ আৰু মৃত্যু হৈছে ৮৫জনৰ।

Also Read:Most Expensive Tea: অবিশ্বাস্য! সোণতকৈয়ো চৰা, একাপ চাহৰ দাম ৭লক্ষাধিক টকা!

উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ সময়তে সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা তথা সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ ঘটনা যথেষ্ট স্বস্তিদায়ক বুলি বিবেচিত হৈছে।

অৱশ্যে, দেশত কৰনা পৰিস্থিতিক কোনো কাৰণতে সহজভাৱে নলবলৈ বিশেষজ্ঞসকলে আহ্বান জনাইছে।