NORTHEAST NOW (Assamese)

অসমত ২৬৯৩ গৰাকীলৈ বৃদ্ধি কোভিড আক্ৰান্ত, নতুনকৈ ১২জনক চিনাক্ত

June 8, 2020 1:24 pm · এন ই নাও নিউজ
Updated: June 8, 2020 1:30 pm
প্ৰতিনিধিত্বমূলক ছবি

ৰাজ্যত আজি নতুনকৈ ১২ গৰাকী কোভিড পজিটিভ ৰোগী ধৰা পৰিছে। ইয়াৰ লগে লগে অসমত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২৬৯৩ গৰাকীলৈ বৃদ্ধি পায়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে। নতুনকৈ আক্ৰান্তসকলৰ ৭ গৰাকী নগাঁও আৰু ৫ গৰাকী বৰপেটা জিলাৰ।

অসমত এতিয়ালৈকে চাৰিগৰাকী ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে ৬৩৬গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২০৫০গৰাকী।

কালিৰ দিনটোত ১৫৫ গৰাকী আক্ৰান্ত হৈছিল।

ইয়াৰ বিপৰীতে ৬ জুনত ২৩০ গৰাকী আৰু ৫ জুনত ১২৮ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হয়।

যোৱা ৪ জুনত ২৪৩ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’নাত।

তিনি জুনত সৰ্বাধিক ২৬৯ গৰাকী লোক আক্ৰান্ত হৈছিল।

যোৱা ১ জুনৰ দিনটোত ১৪৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

যোৱা ৩০ মে দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

Related News