দেশৰ পৰা ক’ৰনা নিৰ্মূলৰ সংগ্ৰাম প’লিঅ’ নিৰ্মূলৰ দৰেই দীঘলীয়া হোৱাৰ আশংকা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডাৰ

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰে ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ অসমৰ বিজেপি বিধায়কসকলৰ

index.jpg00

আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জগৎ প্ৰকাশ নাড্ডা অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক সকলৰ ক’ৰ’না সম্পৰ্কীয় এখন পৰ্যালোচনামূলক ভিডিঅ’ কনফাৰেন্সত অংশ গ্ৰহণ কৰে।

দেশৰ পৰা ক’ৰ’না নিৰ্মূলৰ সংগ্ৰাম প’লিঅ’ নিৰ্মূলৰ দৰেই দীঘলীয়া হোৱাৰ আশংকা ব্যক্ত কৰে ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে। তেখেতে মুখত মাস্ক পিন্ধাটো অভ্যাসত পৰিণত কৰিবলৈ সকলোলৈকে আহ্বান জনাইছে।

অসমৰ এজনো ব্যক্তি যাতে ক’ৰ’নাৰ ভয়াৱহতা সম্পৰ্কে অৱগত নোহোৱাকৈ থাকি নাযায়, তাৰ বাবে সামাজিক দুৰত্ব বৰ্তাই ৰাখি অথবা টেলিফ’নযোগে জনসাধাৰণক সজাগ কৰিবলৈ কাৰ্যকৰ্তাসকলৰ প্ৰতি তেখেতে আহ্বান জনাইছে। কাৰ্যকৰ্তাসকলে এই সজাগতা ৰাজ্যখনৰ প্ৰতি গৰাকী ব্যক্তিৰ ওচৰলৈ লৈ যাব লাগিব বুলি তেখেতে ব্যক্ত কৰে ।

‘সমগ্ৰ দেশ তথা বিশ্বৰে এই কঠিন সময়ত অসমৰ প্ৰতি দেশৰ মাননীয় প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়া,আমাৰ দলৰ মাননীয় সভাপতি নাড্ডা ডাঙৰীয়া তথা দল-চৰকাৰৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰদৰ্শন কৰা অভূতপূৰ্ব সহাঁৰিৰ বাবে অসমৰ সমূহ ৰাইজৰ হৈ ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।’ অংশগ্ৰহণকাৰী বিজেপিৰ এজন বিধায়কে এনেদৰে কয়।

সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, সাধাৰণ সম্পাদক ৰাম মাধৱ, উত্তৰ পূবৰ সাংগঠনিক সম্পাদক অজয় জামৱাল, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা তথা সংশ্লিষ্টসকলে অংশ গ্ৰহণ কৰা এই বৈঠকত ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে এই দুৰ্যোগৰ সময়ত খাদ্য-সামগ্ৰী বিতৰণকে ধৰি বিভিন্ন ক্ষেত্ৰত অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলে জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা সেৱাৰ ভূয়সী প্ৰশংসা কৰিছে।

আজিৰ বৈঠকত কেন্দ্ৰীয় নেতৃত্বৰে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিশদ পৰ্যালোচনা কৰা হয় ।