NORTHEAST NOW (Assamese)

কামৰূপৰ হাজোত আতংক; ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ সন্দেহত জিএমচিএইচলৈ প্ৰেৰণ এজন যুৱক

March 30, 2020 2:37 pm · মৃদুল প্ৰীতম ডেকা
Updated: March 30, 2020 2:54 pm
প্ৰতিনিধিত্বমূলক ফটো

ভাৰতৰ বিভিন্ন প্ৰান্তত ক’ৰ’না ভাইৰাছ সংক্ৰমণক লৈ আতংকৰ সৃষ্টি হৈ থকাৰ সময়তে কামৰূপ জিলাৰ হাজোৰ দামপুৰত এজন যুৱককলৈ ত্ৰাসৰ সৃষ্টি হৈছে।

মহাৰাষ্ট্ৰত কৰ্মৰত যুৱকজন যোৱা ২৭ তাৰিখে নিজ ঘৰলৈ অহাৰে পৰা হোম-কোৱাৰেন্টাইনত আছিল।

আজি যুৱকজন সামান্য জ্বৰ আৰু কাঁহত ভোগাত স্বাস্থ্য বিভাগৰ তৎপৰতাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

যুৱকজনৰ ভাষ্য অনুসৰি মহাৰাষ্ট্ৰত কৰ্মৰত যুৱকজনৰ সহকৰ্মী তথা একেলগে থকা পাঁচ ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

যুৱকজনৰ এই ভাষ্যৰ পৰা যুৱকজনৰ শৰীৰত ভাইৰাছবিধ সংক্ৰমণৰ ঘটা বুলি সন্দেহ কৰি স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে।

অঞ্চলটোত ইয়াকে লৈ আতংকময় পৰিৱেশে বিৰাজ কৰিছে যদিও স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকগৰাকীয়ে কয় যে, ‘এতিয়াও যুৱকজনৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি নিশ্চিত হোৱা নাই। তেওঁৰ শৰীৰত অকণমান জ্বৰ আৰু কাঁহ আছে। জ্বৰ আৰু কাঁহ হ’লেও এয়া সাধাৰণ জ্বৰৰ উপসংৰ্গও হ’ব পাৰে, সেয়ে ভীতিগ্ৰস্ত হোৱাৰ দৰকাৰ নাই। তেওঁক জিএমচিএইচ লৈ প্ৰেৰণ কৰা হৈছে।’

Related News