NORTHEAST NOW (Assamese)

উত্তৰ প্ৰদেশৰ এটা অঘৰী পৰিয়ালক কেন্দ্ৰ কৰি নগাঁৱৰ পুৰণিগুদামত ক’ৰ’নাৰ আতংক

March 16, 2020 2:03 pm · ভাৰ্গৱ হাজৰিকা
Updated: March 16, 2020 2:06 pm
উত্তৰ প্ৰদেশৰ পৰিয়ালটো

সম্প্ৰতি সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ আতংকই এইবাৰ বাৰুকৈয়ে চুই গৈছে নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চল।

প্ৰায় ২৫ জনীয়া এটা অঘৰী পৰিয়ালক কেন্দ্ৰ কৰি দেওবাৰে বিয়লি নগাঁৱৰ পুৰণিগুদামত ক’ৰ’না ভাইৰাছৰ আতংক দেখা পোৱা গ’ল একাংশ সচেতন লোকৰ মাজত।

অঘৰী পৰিয়ালটোৱে বাপুজী পুথিভঁৰালৰ খেলপথাৰ প্ৰাঙ্গণত অনুমতি অবিহনে অস্থায়ীভাৱে কেইবাটাও শিবিৰ পাতি থকা-খোৱা ব্যৱস্থা কৰা প্ৰত্যক্ষ কৰে অঞ্চলটোৰ ৰাইজে।

সমগ্ৰ ঘটনাৰ বিষয়ে ফোন যোগে প্ৰশাসনক অৱগত কৰাৰ পিছত উত্তৰ প্ৰদেশৰ পৰা দুখনকৈ বলেৰ’ পিক্ আপ গাড়ীৰে অহা সেই অজ্ঞতা পৰিয়ালটোক শীঘ্ৰে খেলপথাৰ ত্যাগ কৰা অনুৰোধ কৰে উপস্থিত স্থানীয় লোকৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একাংশ কৰ্মীয়ে।

অৱশ্যে ৰাইজৰ অনুৰোধত সন্ধিয়া সকলো সা-সামগ্ৰী সামৰি সু-শৰীৰে আন ঠাইলৈ আঁতৰি যায় পৰিয়ালটো।  অঘৰী পৰিয়ালটোৱে অঞ্চলটোলৈ প্ৰায় দুসপ্তাহৰ বাবে ঘৰুৱা ঔষধৰ ব্যৱসায় কৰিবলৈ অহা বুলি জানিব পৰা গৈছে।

Related News