ভবাই নাছিলো! চৰকাৰী সূত্ৰই জনালে- “ক’ভিডৰ দ্বিতীয় ঢৌৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে ভবাই নাছিল”

(দ্বিতীয় ঢৌৰ প্ৰাকক্ষণৰ দৃশ্য)

কৰোণা সংক্ৰমণৰ দ্বিতীয় ঢৌৱে দেশখনক এইদৰে সংকটৰ সম্মুখলৈ ঠেলি পঠাব, সেয়া ভবাই হোৱা নাছিল বুলি স্বীকাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিষয়াসকলে।

যোৱা জানুৱাৰী মাহত ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছে কৰা এটা সমীক্ষাত দেখা গৈছিল যে কৰোণাৰ প্ৰথম ঢৌত দেশৰ মাত্ৰ ২০ শতাংশ মানুহৰ সংক্ৰমিত হৈছে।

নীতি আয়োগৰ স্বাস্থ্য বিভাগৰ সদস্য বিনোদ পলে কয় যে তেতিয়াই বুজা গৈছিল দেশৰ ৮০ শতাংশ মানুহ কৰোণা সংক্ৰমণৰ চিকাৰ হ’ব পাৰে।

ভাৰতৰ দৰে জনবহুল এখন দেশত ৮০ শতাংশৰ ওচৰা-ওচৰি মানুহ আক্ৰান্ত হোৱাৰ পৰিস্থিতিৰ সম্ভাৱনা থাকিলে প্ৰকৃত আক্ৰান্তৰ সংখ্যা নিৰ্ণয় কৰা যে দুঃসাধ্য, সেয়া স্বীকাৰ কৰি লৈছে স্বাস্থ্য বিষয়াসকলে।

বিনোদ পলে কয় যে সেই ক্ষেত্ৰত দ্বিতীয় ঢৌত কিমানসংখ্যক লোক এই দেশত আক্ৰান্ত হ’ব পাৰে, তাৰ প্ৰকৃত পূৰ্বাভাস দিয়া হোৱা নাই।

”দ্বিতীয় ঢৌত পৰিস্থিতিৰ অৱনতিৰ বাবে সাধাৰণ মানুহ ভূমিকাও অনেক দায়ী। মাস্ক নিপিন্ধা, ক’ভিড প্ৰটোকল নমনাৰ বাবে অনেক লোক দায়ী।”- বিনোদ পলে কয়- ”সাধাৰণ জনতাই নিয়ম মানি চলিলে পৰিস্থিতি অনেক নিয়মন্ত্ৰণ সম্ভৱপৰ হ’লহেঁতেন।”

তেওঁ কয় যে চৰকাৰে মানুহক ক’ভিড সতৰ্কবিধি মানি চলিবৰ বাবে ক’লেও জনতাৰ বৃহৎ অংশ তাক কৰ্ণপাত নকৰিলে।”- তেওঁ কয়।

আনহাতে, চহৰ অঞ্চলত হোৱা  সংক্ৰমণ গ্ৰাম্যাঞ্চলত প্ৰৱেশ কৰা সম্পৰ্কত পলে কয় যে অতিমাৰিৰ সময়ত সংক্ৰমণ এইদৰেই বাঢ়ে।

”চহৰত সুঁচৰিবলৈ নতুন ঠাই নাপালে সংক্ৰমণে তেতিয়া গ্ৰাম্য অঞ্চললৈ আগুৱাই যায়। প্ৰব্ৰজিত শ্ৰমিকসকলে চহৰৰ পৰা গাঁৱলৈ ঘূৰি যোৱাৰ পাছত এই প্ৰক্ৰিয়াটো দ্ৰুতভাৱে হয়।”- তেওঁ কয়।

তেওঁৰ মতে, দ্বিতীয় দফাত কেতবোৰ ৰাজ্যই নিজৰ মতে লকডাউন ঘোষণাৰ ফলত চহৰৰ পৰা শ্ৰমিকসকলে গাঁৱলৈ ঘূৰি গৈছে, যাৰ ফলত সংক্ৰমণক গ্ৰাম্যাঞ্চললৈ টানি নিয়া হৈছে।

সেইক্ষেত্ৰত অনাগত দিনবোৰত গ্ৰাম্য ভাৰতক সংক্ৰমণৰ পৰা ৰক্ষা কৰাটো বৃহৎ প্ৰত্যাহ্বান বুলিও স্বীকাৰ কৰিছে স্বাস্থ্য বিষয়াসকলে।

এজন স্বাস্থ্য বিষয়াৰ মতে, চহৰসমূহত কিছু পৰিমাণে হ’লে স্বাস্থ্য বিভাগৰ পৰিকাঠামো আছিল, কিন্তু গ্ৰাম্যাঞ্চলসমূহত পৰিকাঠামোৰ দুৰৱস্থাৰ কথা মনত ৰাখিয়েই সেই অঞ্চলসমূহত নিভৃতবাস, স্কুল-কলেজসমূহত স্বাস্থ্যশিবিৰ সজাৰ কামত লাগিছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ যুগ্ম সচিব লৱ আগৰৱালে দাবী কৰে যে চলিত সপ্তাহে দেশৰ বহুতো প্ৰান্তত, মূলতঃ চহৰসমূহত কৰোণা সংক্ৰমণক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হৈছে, কিন্তু গ্ৰাম্য অঞ্চলসমূহত সংক্ৰমণ ৰোধ কৰাটো চৰকাৰ বাবে বৃহৎ প্ৰত্যাহ্বান।