ক’ৰ’নাতংক; প্ৰধানমন্ত্ৰী মোদীয়ে বৃদ্ধি কৰিব পাৰে দেশত ল’কডাউনৰ ম্যাদ!

lock-down-1

প্ৰতিনিধিত্বমূলক ছবি

 

ক’ৰ’না সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ঘোষণা কৰিছিল ২১ দিনীয়া ল’কডাউন। এই ল’কডাউন অহা ১৪ এপ্ৰিলত সম্পূৰ্ণ হোৱাৰ কথা।

দেশত ল’কডাউনৰ সময়সীমা বৃদ্ধি কৰা হ’ব নে নাই তাকে বিভিন্ন মহলত চৰ্চা হোৱা দেখা গৈছে।

ল’কডাউনৰ সময়ছোৱাত দেশত ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ লগতে মৃতকৰ সংখ্যাও ক্ৰমশঃ বৃদ্ধি পাইছে।

তেনে এক সময়েত দেশত অব্যাহত থকা ২১ দিনীয়া ল’কডাউনৰ সময় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি প্ৰধানমন্ত্ৰীয়ে ইংগিত প্ৰদান কৰিছে।

আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে সতীৰ্থ মন্ত্ৰীসকলৰ পৰা এই বিষয়ত মতামত জানিব বিচাৰে বুলি এক বিশেষ সূত্ৰত প্ৰকাশ।

ভিডিঅ’ কনফাৰেন্সঙিৰ যোগেদি অনুষ্ঠিত আজি কেন্দ্ৰীয় কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ল’কডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ সন্দৰ্ভত সতীৰ্থ মন্ত্ৰীসকলৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ আমোলাসকলৰ পৰাও পৰাৰ্মশ বিচাৰে।

নিজামুদ্দিনৰ তবলিগী জামাতৰ দ্বাৰা ক’ৰ’না সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাত চিন্তিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে ল’কডাউন সময় বৃদ্ধি কৰিবও পাৰে বুলি ধাৰণা কৰা হৈছে। বিশেষ সূত্ৰটোৱে এই কথা প্ৰকাশ কৰিছে।

সূত্ৰটোৰ মতে ল’কডাউনৰ সময়সীমা শেষ হ’বলৈ মাত্ৰ আৰু এটা সপ্তাহ বাকী থকাৰ পিছতো ক’ৰ’না সংক্ৰমণৰ চেইনডাল বিচ্ছিন্ন কৰিব নোৱাৰা বাবে প্ৰধানমন্ত্ৰী চিন্তিত হৈ পৰিছে।

ল’কডাউনৰ শেষৰটো সপ্তাহত পৰিস্থিত উন্নত নহ’লে দেশত ল’কডাউনৰ সময় বৃদ্ধি পোৱাটো প্ৰায় নিশ্চিত বুলি জানিব পৰা গৈছে।

অৱেশ্যে এই সম্পৰ্কত প্ৰধানমন্ত্ৰীয়ে এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই।

কিন্তু ২২ মাৰ্চৰ জনতা কাৰ্ফিউৰ পিছত ২৪ মাৰ্চৰ সন্ধিয়া প্ৰধানমন্ত্ৰীয়ে হঠাতে ২১ দিনীয়া ল’কডাউন সমগ্ৰ দেশতে প্ৰযোজ্য হোৱাকৈ ঘোষণা কৰালৈ চাই ক’ৰ’না সংক্ৰমণ ৰোধ নহ’লে ল’কডাউনৰ সময় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।