দেশত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰ’ণা মুক্ত লোকৰ সংখ্যা, এদিনতে ক’ৰ’ণামুক্ত ৫১,২৫৫ গৰাকী লোক

-coronavirus-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

বেয়াৰ মাজতো কিছুমান ভাল খবৰে ক’ৰ’ণাতংকত বিধ্বস্ত দেশবাসীক সাহস দিছে।

মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈ ৰোগমুক্ত হোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।

দেশত এতিয়া ক’ৰ’ণামুক্ত লোকৰ শতাংশ হাৰ ৬৪.৫৩ শতাংশ হৈছে।

বিগত ২৪ ঘন্টাত ক’ৰ’ণাৰ পৰা মুক্ত হৈছে ৫১,২৫৫ গৰাকী লোক।প্ৰতিদিনে প্ৰায় ৫০ হাজাৰ লোক এই ভাইৰাছ বিধৰ নাগপাশৰ পৰা মুক্ত হৈছে।

দেশত বিগত ২৮ ঘণ্টাত মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হ’ল ৫৪,৭৩৬ গৰাকী লোক।

সমগ্ৰ দেশতে আনলক ৩.০ৰ বিধি-ব্যৱস্থা সমূহ কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰ সমূহে তৎপৰতা প্ৰদৰ্শন কৰাৰ সময়তে এনেদৰে ক’ৰ’ণা ৰোগীৰ সংখ্যা বৃদ্ধিয়ে চৰকাৰক চিন্তিত কৰি তুলিছে।

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে ভাৰত।

২৪ ঘন্টাত ভাইৰাছ বিধে প্ৰাণ কাঢ়ি নিছে ৮৫৩ গৰাকী লোকৰ।

এতিয়া লৈকে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ১৭,৫০,৭২৪ গৰাকী।

ত্ৰাসৰ সৃষ্টি কৰা ভাইৰাছ বিধে প্ৰাণ কাঢ়ি নিয়া লোকৰ সংখ্যা হৈছে ৩৭,৩৬৪ গৰাকী।

সুখৰ কথাটো হৈছে ক’ৰ’ণা ভাইৰাছৰ পৰা মুক্ত হোৱা ৰোগীৰ সংখ্যা দিনক দিনে দেশত বৃদ্ধি পাবলৈ ধৰিছে।

ক’ৰ’ণাৰ পৰা মুক্ত হোৱা ৰোগীৰ শতাংশ  হাৰ হৈছে ৬৪.৫৩।

ক’ৰ’ণাৰ পৰা মুক্ত হোৱা ৰোগীৰ সংখ্যা ১১,৪৫,৬২৯ গৰাকী হৈছে ।

দেশত কোভিডত মৃত্যু ঘটা লোকৰ শতাংশ হাৰ হৈছে ২.১৫। সমগ্ৰ বিশ্বত এই হাৰ ৪ শতাংশ।

দেশত থকা এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৫,৬৭,৭৩০ গৰাকী।