কুমচাই গাওঁ পঞ্চায়তত বজাৰ গৃহ নিৰ্মাণত পঞ্চায়ত প্ৰতিনিধি আৰু সচিবৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

margherita market complex

ফটো: নৰ্থইষ্ট নাও।

সমগ্র অসমতেই বৰ্তমান পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটো একাংশ বিষয়া -কৰ্মচাৰী আৰু পঞ্চায়ত প্ৰতিনিধিৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে।

বিভিন্ন সময়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত হৈ অহা দুৰ্নীতি আৰু অনিয়মৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ পাই আহিছে যদিও আজি পৰ্যন্ত এই ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় মন্ত্ৰীজনে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

ৰাজ্য চৰকাৰে  যিমানেই দুৰ্নীতি আৰু শূন্যসহণশীলতাৰ কথা নকওঁক কিয় একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী আৰু পঞ্চায়ত প্ৰতিনিধিৰ মাজত দুৰ্নীতিৰ কৰাৰ মানসিকতা দিনক দিনে বৃদ্ধি পোৱাহে দেখিবলৈ পোৱা গৈছে।

এই ক্ষেত্ৰত কিন্তু বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস সম্পূৰ্ণ বিফল হোৱা বুলিহে অভিযোগ উত্থাপন হৈছে। অসমৰ বিভিন্ন পঞ্চায়ত সমূহৰ লগতে মাৰ্ঘেৰিটা সমষ্টিৰ কুমচাই গাওঁ পঞ্চায়তটো সংঘটিত হৈ আহিছে এটাৰ পাছত আন এটা দুৰ্নীতি।

প্ৰধান মন্ত্ৰী গৃহ নিৰ্মাণ, পথ নিৰ্মাণ, বিভিন্ন আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত স্বজন তোষন অথবা বজাৰ গৃহ নিৰ্মাণকে নহওক কিয়। সকলোতে কেৱল দুৰ্নীতি আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছে।

এনে এক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়ত খনৰ অন্তৰ্গত হাৱাই পথাৰ সাপ্তাহিক বজাৰৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত।

২০১৪ বিত্তীয় বৰ্ষৰ ৮ লাখ টকাৰ নিৰ্ধাৰিত পুঁজিৰে বজাৰখনৰ চাৰিটাকৈ গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। বজাৰ গৃহ নিৰ্মাণ কমিটিৰ সভাপতি অজিত লামা আৰু ৱাৰ্ড সদস্য শিৱ চবৰ’ক গৃহ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছিল।

দুৰ্ভাগ্যজনক কথাটো হৈছে যে বজাৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই নিৰ্ধাৰিত ৮ লাখ টকা পঞ্চায়ত সচিবে মুকলি কৰি দিয়াৰ অভিযোগ উঠিছে। এই ক্ষেত্ৰত পঞ্চায়ত সচিব আৰু পঞ্চায়ত সভাপতিজনো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। কিয়নো যিকোনো এটা কামৰ অগ্ৰগতিৰ বিষয়ে তদাৰক নকৰাকৈ কিহৰ ভিত্তিত টকা মোকলাই দিব লগা হল সেইয়া হে এক ৰহস্যজনক বিষয় হিচাপে পৰিগণিত হৈছে।

এই ক্ষেত্ৰত পঞ্চায়ত সচিবগৰাকীৰ ভূমিকাও সন্দেহজনক। এই সমগ্র বিষয়টোৰ ওপৰত এক তদন্ত ঘোষণা কৰি দুৰ্নীতিগ্ৰস্ত ব্যক্তি সকলক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস’ক আহ্বান জনাইছে।