কামৰূপ জিলাৰ হাজোত সমাজ কল্যাণ বিভাগত নিযুক্তি দিয়াৰ ক্ষেত্ৰত ধনৰ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে। নীতি বহিৰ্ভূতভাবে ধনৰ বিনিময়ত নিযুক্তি দিয়াৰ এনে অভিযোগ উত্থাপন হৈছে চি ডি পি অ’ কানন তালুকদাৰ আৰু হিচাপৰক্ষক চিৰাজুদ্দিন শেখৰ বিৰুদ্ধে।
হাজোৰ গৰোবৰি অংগনবাদী কৰ্মী চুৰমা খাতুনে অস্ত্ৰোপ্ৰচাৰৰ বাবে চেন্নাইৰ এপ’ল হস্পাতালত চিকিৎসাধীন হৈ থকাৰ সময়ত কৰ্মীগৰাকীক অসুস্থতাৰ সুযোগ লৈ কানন তালুকদাৰ আৰু চিৰাজুদ্দিন শেখৰ বিৰুদ্ধে নীতি বহিৰ্ভূতভাবে টকাৰ বিনিময়ত ৰেছুমা বেগম নামৰ আন এগৰাকী যুৱতীক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে।
কোনো ধৰণৰ জাননী নোহোৱাকৈ আন এগৰাকী মহিলাক এনেদৰে কামত নিযুক্তি দিয়াক লৈ চিকিৎসালয়ৰ পৰা অস্ত্ৰোপচাৰ কৰি উভতি আহিয়ে হতবাক হৈ পৰিল পুৰণা কৰ্মীগৰাকী।
তেওঁক এনেদৰে আতৰ কৰাক লৈ কৰ্মীগৰাকীয়ে চি ডি পি অ’ গৰাকীক প্ৰশ্ন কৰাত তেওঁ ন’ ৱৰ্ক ন’ পে বুলি উত্তৰ দিয়ে। নিজকে সমাজ কল্যাণ বিভাগৰ সৰ্বেসৰ্বা বুলি ভবা কানন তালুকদাৰে কেবল নতুন কৰ্মীগৰাকীক কামৰ পৰা খেদাই ক্ষান্ত নাথাকি চিকিৎসাৰ বাবে চেন্নাইত থকা পূৰ্বৰ কৰ্মীগৰাকীৰ দৰমহাৰ ধনো নতুন কৰ্মী ৰেছুমা বেগমৰ একাউণ্টত আদায় দিয়ে।
উল্লেখযোগ্য যে, চুৰমা খাতুনে ১৯৯১ চনৰ পৰা অংগনবাদী কেন্দ্ৰটোত কাম কৰি আছিল আৰু তেওঁৰ বহু বছৰৰ এৰিয়াৰৰ ধনো চি ডি পি অ’ গৰাকীয়ে নতুন কৰ্মীগৰাকীৰ একাউণ্টত ভৰাই দিয়ে।
এনে প্ৰেক্ষাপটত কৰ্মীগৰাকীয়ে এতিয়া ন্যায় বিচাৰি আইনৰ মুখলৈ বাট চাইছে। নিৰুপায় মহিলাগৰাকীয়ে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানা এখন এজাহাৰ দাখিল কৰিছে।