NORTHEAST NOW (Assamese)

লাহৰীঘাটত এম জি এনৰেগাৰ নামত আত্মসাৎ বৃহৎ পৰিমাণৰ টকা

October 16, 2018 11:30 am · জহিৰুল ইছলাম
প্ৰতিনিধিত্বমূলক চিত্ৰ উৎস : ইণ্টাৰনেট

দেশত প্ৰতিজন জবকার্ড প্ৰাপ্ত শ্ৰমিকক বছৰি অতি কমেও এশ দিনৰ কৰ্ম প্ৰদানৰ উদ্দেশ্যৰে প্ৰণোদিত এম জি এনৰেগা আঁচনি সম্প্ৰতি সম্পূৰ্ণৰূপে ধোৱাচাঙত পৰিণত হৈছে। আঁচনিখনৰ উন্নয়নৰ নামত মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অধীনস্থ পঞ্চায়ত সমূহত বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই অব্যাহত আছে এনে অৰাজকতা।

এই আঁচনিৰ অধীনত লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমূহত বিভিন্ন প্ৰকল্প নিৰ্মাণৰ নামত বিয়াগোম কেলেংকাৰী সংঘটিত কৰি এচাম কনিষ্ঠ অভিযন্তাকে ধৰি একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে বৃহৎ পৰিমাণৰ ৰাজহুৱা ধন আত্মসাৎ কৰা বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে জবকার্ড প্ৰাপ্ত শ্ৰমিকৰ সলনি জে চি বি আৰু ট্ৰেক্টৰেৰে নিৰ্মাণকাৰ্য সম্পন্ন কৰি একাংশ দালালে বেংক কৰ্তৃপক্ষৰ সৈতে বুজাবুজিৰে ভুৱা জব কাৰ্ডৰ সহায়ত ধন উলিয়াই আহিছে। এনে ধৰণৰ কাৰ্যৰ ফলত এতিয়া প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে প্ৰকৃত দৰিদ্ৰ শ্ৰমিকসকল।

অতি স্পৰ্শকাতৰ বিষয় যে, এই সমগ্ৰ দুৰ্নীতিত লাহৰীঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, সংশ্লিষ্ট কনিষ্ঠ অভিযন্তা আৰু গ্ৰামীণ বিকাশ বেংকৰ বিষয়া প্ৰত্যক্ষভাৱে জড়িত থকা বুলি ভূক্তভোগী ৰাইজে সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াক অৱগত কৰাৰ পাছতো আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

অকল জব কাৰ্ড কেলেংকাৰীয়ে নহয় বৃহত্তৰ অঞ্চলটোত ভুৱা নামফলক লগাইও লাখ লাখ টকা আত্মসাৎ কৰা বুলি স্থানীয় সচেতন ৰাইজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

ইফালে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ স্থিতি গ্ৰহণ কৰা পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনে ৰাজ্যত সংঘটিত হৈ থকা এনে লুণ্ঠনৰাজ তথা বিয়াগোম কেলেংকাৰী সমূহ ৰোধ কৰিবলৈ সক্ষম হ’বনে নাই তাক লৈ এতিয়া সকলো ৰাইজৰ মনতে প্ৰশ্ন উত্থাপন হৈছে।

Related News