• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী ৰণনীতি নিৰ্ধাৰণৰ উদ্দেশ্যে আজি গুৱাহাটীত উপস্থিত হ’ব অমিত শ্বাহ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 16, 2018 11:09 am
We will provide Hindi training classes for people of NE, Says Amit Shah

অমিত শ্বাহৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি উত্তৰ-পূবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে আহি গুৱাহাটীত উপস্থিত হ’বহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনক লৈ ব্যস্ত থকা সভাপতিগৰাকীৰ অসম ভ্ৰমম কেইবাটাও দিশত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

সভাপতি শ্বাহ মাজুলীত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত উপস্থিত থকাৰ কথা আছিল যদিও শেষমুহূৰ্তত সেই কাৰ্যসূচী বাতিল কৰে। সেয়েহে তেওঁ এতিয়া ৰাজ্যিক বিজেপিৰ কাম-কাজ সন্দৰ্ভত দলীয় বিষয়ববীয়াৰ পৰা প্ৰতিবেদন ল’ব।

Apply Now

অসমত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচন মিত্ৰদল অগপই অকলে খেলিব বুলি স্পষ্ট কৰি দিয়াৰ পাছত স্বাভাৱিকতে বিজেপিৰ বাবে পৰিস্থিতিটো কিছু জটিল হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত তৃণমূল পৰ্যায়ত ৰাজ্যিক বিজেপিৰ নেতৃত্বই কিদৰে পৰিস্থিতিৰ মোকাবিলা কৰিছে তাৰো বুজ ল’ব ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে।

আজি নিশাটো গুৱাহাটীতে কটাই বুধবাৰে তেওঁ মিজোৰামলৈ যাব। কিয়নো  বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যকেইখনৰ ভিতৰত মিজোৰাম অন্যতম। উত্তৰ-পূবক কংগ্ৰেছমুক্ত কৰাৰ বিজেপিয়ে যি পণ লৈছিল তাৰ অংশ হিচপে মিজোৰামত দলটোৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাটো জৰুৰী হৈ পৰিছে। তদুপৰি, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই মিজোৰামৰ নিৰ্বাচন সন্দৰ্ভত নিজৰ অভিযান এতিয়াও আৰম্ভ কৰা নাই।

জানিব পৰা মতে আজি নিশা অনুষ্ঠিত হ’বলগীয়া বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়ককে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা আদি বিষয়ক লৈ ৰাজ্যখনত চলি থকা প্ৰতিবাদ সন্দৰ্ভত সভাপতি শ্বাহে ৰাজ্যিক নেতৃত্বৰে আলোচনা কৰিব।

ইপিনে, মিত্ৰদল অগপ আৰু বি পি এফৰ সৈতে আগন্তুক নিৰ্বাচনত মিত্ৰতা কৰিব নে নাই সেই সম্পৰ্কে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৰাজ্যিক বিজেপিৰ নেতাসকলক দিক্ নিৰ্দেশনা দিয়াৰ সম্ভাৱনা আছে। অসমত বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ বিষয়ে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ইতিমধ্যে অৱগত হৈছে আৰু সেয়েহে এই ভ্ৰমণৰ সময়তে ৰাজ্যিক বিজেপিক কৰ্ম তৎপৰ হৈ উঠাৰ ওপৰত তেওঁ গুৰুত্ব দিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd