চৰকাৰী আঁচনি ৰূপায়ণত দুৰ্নীতি সহ্য কৰা নহ’ব; পঞ্চায়ত সভাপতি আৰু সচিবৰ সৈতে বাৰ্তালাপত মুখ্য মন্ত্ৰীৰ সকীয়নি

Story-6-7-1140x570

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্যৰ গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবসকলৰ সৈতে ব্ৰক্ষ্মপুত্ৰ ৰাজ্যিক অতিথিশালাৰ পৰা অডিঅ’ কনফাৰেঞ্চৰযোগে বাৰ্তালাপ কৰে।

বাৰ্তালাপৰ সময়ত মুখ্য মন্ত্ৰীয়ে সামাজিক দূৰত্ব বজাই ৰখাৰ উপৰি কোভিড-১৯ সন্দৰ্ভত স্বাস্থ্য বিভাগে দিয়া নীতি-নিৰ্দেশনা মানি এম জিএনৰেগাৰ দৰে আঁচনি সমূহৰ অধীনত কাম আৰম্ভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ল’কডাউন কাৰ্য্যসূচী সফলতাৰে পালন কৰাত আগবঢ়োৱা সহযোগিতাৰ বাবে পঞ্চায়তৰ সভাপতি আৰু সচিবসকলক ধন্যবাদ জ্ঞাপন কৰি মুখ্য মন্ত্ৰীয়ে চৰকাৰী আঁচনিসমূহ সঠিক ৰূপত ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

মুখ্য মন্ত্ৰীয়ে কয় যে, অসমৰ গাঁৱসমূহত সুশাসন প্ৰতিষ্ঠা কৰাৰ বাবে আমি সকলোৱে ঐক্যবদ্ধ প্ৰচেষ্টাৰে কাম কৰি আহিছো আৰু আগন্তুক দিনসমূহতো একেদৰে কাম কৰি যাম।

চৰকাৰৰ কল্যাণকামী আঁচনিসমূহত হিতাধিকাৰী নিৰ্বাচনত যাতে কোনোধৰণৰ খেলি-মেলি নহয় আৰু আঁচনিৰ নীতি-নিয়ম অনুযায়ী প্ৰকৃত হিতাধিকাৰীসকলে সুফল লাভ কৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবসকলক মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।

মুখ্য মন্ত্ৰীয়ে কয় যে, আঁচনিসমূহ ৰূপায়ণত যাতে দুৰ্নীতি হ’ভ নোৱাৰে তাক সুনিশ্চিত কৰিব লাগিব। এম জি এন ৰেগাৰ মজুৰি যাতে প্ৰকৃত জব কাৰ্ড হল্ডাৰে হে লাভ কৰে ইয়াৰ জৰিয়তে গাঁৱৰ দুখীয়া জনসাধাৰণ উপকৃত হ’ব পাৰে, সেয়া সুনিশ্চিত কৰাৰ ওপৰত মুখ্য মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।

এম জি এনৰেগা আৰু অন্যান্য আঁচনিৰ অধীনত কাম কৰা কৰ্মসকলে সামাজিক দূৰত্ব বজাই ৰখা, মাস্ক পৰিধান কৰা আৰু হাত ধোৱাৰ বাবে চাবোন আৰু পানীৰ ব্যৱস্থা ৰখাটো সুনিশ্চিত কৰাৰ বাবে নিৰ্দেশন দি মুখ্য মন্ত্ৰীয়ে প্ৰতিখন পঞ্চায়তকে আত্মসহায়ক গোটৰ পৰা ২০০০ খনকৈ মাস্ক ক্ৰয় কৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে কয় যে চৰকাৰী আঁচনিৰ ৰূপায়ণত দুৰ্নীতি হ’লে সমগ্ৰ চৰকাৰী প্ৰশাসন যন্ত্ৰৰ দুৰ্নাম হয়।

প্ৰকৃত হিতাধিকাৰীয়ে যাতে আঁচনিৰ আৱণ্টিত ধন লাভ কৰে আৰু কোনো প্ৰকৃত হিতাধিকাৰী যাতে বাদ পৰি নাযায় সেয়া সুনিশ্চিত কৰাৰ ওপৰত মুখ্য মন্ত্ৰীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে।

বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত বিশেষ সতৰ্কতা অৱলম্বন কৰিবৈ মুখ্য মন্ত্ৰীয়ে পঞ্চায়তৰ সভাপতি আৰু সম্পাদকসকলক নিৰ্দেশ দিয়ে।