NORTHEAST NOW (Assamese)

চণ্ডীগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত উজলিল কটন বিশ্ববিদ্যালয়

February 12, 2019 9:46 pm · এন ই নাও নিউজ
Updated: February 12, 2019 11:00 pm

সদ্য সমাপ্ত পাঞ্জাবৰ চণ্ডীগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৩৪তম ৰাষ্ট্ৰীয় আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত জিলিকি উঠে কটন বিশ্ববিদ্যালয়। যোৱা ১ৰ পৰা ৫ ফেব্ৰুৱাৰিলৈ অনুষ্ঠিত হয় এই মহোৎসৱ অনুষ্ঠিত হৈছিল।

প্ৰাপ্ত তথ্য মতে কটন বিশ্ববিদ্যালয়ৰ দলটোৱে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি ক্ৰমে সাংস্কৃতিক শোভাযাত্ৰাত প্ৰথম, লোকনৃত্য প্ৰতিযোগিতাত তৃতীয়, লোকবাদ্যযন্ত্ৰ আৰু একক পাশ্চাত্য সংগীতত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয়।

বিশ্ববিদ্যালয়ৰ ২৭ জনীয়া দলটোৱে গণসংযোগ সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক মুক্তিকাম হাজৰিকাৰ তত্ত্বাৱধানত উক্ত যুৱ মহোৎসৱত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এছ’চিয়েচন অব ইণ্ডিয়ান য়ুনিভাৰ্ছিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মহোৎসৱত দেশৰ ১০০ৰো অধিক বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিছিল।

আনহাতে ইয়াৰ পূৰ্বেও যোৱা ৩ৰ পৰা ৭ জানুৱাৰিলৈ ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়ত অনুষ্ঠিত ইষ্ট জ’ন আন্তঃ বিশ্ববিদ্যালয় মহোৎসৱত কটন বিশ্মবিদ্যালয়ে সাহিত্যত শ্ৰেষ্ঠ সন্মান, লোকনৃত্য প্ৰতিযোগিতাত বিহু হুচৰি পৰিৱেশন কৰি প্ৰথম পুৰস্কাৰৰ লগতে বিভিন্ন বিভাগত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

Related News