নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও এই জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত আজিৰ পৰা অনিৰ্দিষ্টকালিন অনশন আৰু শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিছে।
এই প্ৰতিবাদী কাৰ্যসূচীত কটনৰ উপৰি গুৱাহাটীৰ আগশাৰীৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাক কঠোৰ সমালোচনা কৰাৰ লগতে অতি শীঘ্ৰে এই বিধেয়কখন বাতিলৰ দাবী উত্থপন কৰে।
“এই বিধেয়ক বাতিল নকৰিলে বিজেপি চৰকাৰ ছাত্ৰ-সমাজৰ ভয়াৱহ আন্দোলনৰ সন্মুখীন হ’বলৈ সাজু থাকিব লাগিব”, এইদৰে কয় কটন বিশ্ব বিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই।
তেওঁ লগতে অসমৰ সকলো মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিধেয়কখনৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি যাবলৈ আহ্বান জনায়।
একেদৰে হিৰকজ্যোতি বৰা নামৰ কটনৰ এগৰাকী ছাত্ৰই “মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিৰুদ্দেশ হ’ল” বুলি কটাক্ষ কৰে। তদুপৰি তেওঁৰ “জাতীয় নায়ক”ৰ সন্মানো ওভতাই ল’বলৈ আছুক আহ্বান জনায় ছাত্ৰগৰাকীয়ে।
একেদৰে, গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ মুকুট দাসে ছাত্ৰ সমাজক চ’চিয়েল মিডিয়াত প্ৰতিবাদ কৰাৰ সলনি বিধেয়কখনৰ বিৰুদ্ধে ওলাই অহাৰ আহ্বান জনায়।
আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত কটন বিশ্ববিদ্যালয়ৰ লগতে গুৱাহাটী মহাবিদ্যালয়, নাৰেংগী আঞ্চলিক মহাবিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, ৰাষ্ট্ৰীয় আইন মহাবিদ্যালয়, শুৱালকুছি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।