• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ জাগিছে কটনিয়ান, জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জন

জাতিৰ সংকটৰ বাবে অসম আন্দোলনৰ সূচনাৰ দিশে অসমীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 9, 2019 7:09 am
Student-Protest-Cotton-University

যোৱা মে মাহত কটনিয়ানে ৰূপায়ণ কৰা প্ৰতিবাদ কাৰ্য্যসূচীৰ এটা দৃশ্য। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে এইবাৰ জাগিছে কটনিয়ানসকল। নাগৰিকত্ব সংশোধনী বিধেয়কখন গ্ৰহণৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অসমক পুনৰ অসম আন্দোলনৰ দিশত ঠেলি দিবলৈ ওলোৱা বুলি বহুতেই শংকা প্ৰকাশ কৰাৰ সময়তে ঐতিহ্যমণ্ডিত কটন কলেজৰ ছাত্ৰ সমাজে এই বিধেয়কৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জনৰ কাৰ্য্যসূচী লৈছে।

বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে ৯ জানুৱাৰিৰ পৰা, অৰ্থাৎ বুধবাৰৰ পৰা অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জন কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই। ৮ জানুৱাৰিত সদৌ অসম ছাত্ৰ সন্থাৰ অসম বন্ধৰ পাছতে কটনিয়ানসকলৰ এই কাৰ্য্যসূচীয়ে আন্দোনলটোক অন্য মাত্ৰ দিব পাৰে।

Apply Now

উল্লেখ্য যে, অসম আন্দোলনৰ সময়ত কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ  বাকৰিৰ পৰাই আৰম্ভ হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ ৰণহুংকাৰ। ছাত্ৰ সমাজ আন্দোলনত নামি পৰিছিল অসমীয়াক বিদেশীৰ আগ্ৰাসনৰ পৰা বচোৱাৰ দাবীত। ছাত্ৰ-ছাত্ৰীসকলে সেই সময়ছোৱাত শ্ৰেণী বৰ্জন কৰি আন্দোলন প্ৰতিবাদত নামি পৰিছিল। সেই দিশৰেই ধাৱমান হ’ব খুজিছে নেকি সাম্প্ৰতিক সময়ৰ অসমৰ পৰিস্থিতি? সচেতন মহলত এতিয়া এই প্ৰশ্নই চৰ্চিত হৈছে।

৮ জানুৱাৰিত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত কটন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয় যে জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰে শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰৱৰ্তন কৰি জাতিটোক ধ্বংসৰ বাবে যি প্ৰস্তুতি চলাইছে, ইয়াক কটন মহাবিদ্যালয় ছাত্ৰ একতা সভাই তীব্ৰ বিৰোধিতা কৰিছে।

বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি সাধাৰণ সম্পাদকজনে কাইলৈৰ পৰা কাৰ্য্যকৰী হোৱাকৈ অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে ইতিমধ্যে বিতৰ্কিত বিধেয়কখন সন্দৰ্ভত কটন বিশ্ববিদ্যালয়  ছাত্ৰ একতা সভাই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে মহাবিদ্যালয়সমূহৰ ছাত্ৰ প্ৰতিনিধিসমূহৰ লগত প্ৰত্যক্ষ আলোচনাত মিলিত হৈছে।

পৰৱৰ্তী সময়ত কটন বিশ্ববিদ্যালয়ৰ নেতৃত্বত সমগ্ৰ অসমৰ ছাত্ৰসমাজে  ঐক্যবদ্ধভাৱে যুঁজ দিব বুলিও সম্পাদকজনে জানিবলৈ দিয়ে।

উক্ত প্ৰেছ বিবৃতিৰ জৰিয়তে সাধাৰণ সম্পাদকজনে কটনিয়ানসকলক শ্ৰেণীবৰ্জন কাৰ্য্যসূচী ৰূপায়ণ কৰিবৰ বাবে আহ্বান জনায়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৭ জানুৱাৰিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজেও বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd