• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই য়ুনিফৰ্মৰ দোকান নিৰ্ধাৰণ কৰি দিয়াক লৈ ক্ষুব্ধ শিক্ষাৰ্থী

কটনৰ য়ুনিফৰ্মৰ নামত কমিশ্যনৰ অংক চলাৰ সন্দেহ!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 26, 2019 7:37 pm
Cotton Uniform Story

প্ৰতিনিধিত্বমূলক ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ নেওচি য়ুনিফৰ্ম নথকা ১১৯ বছৰীয়া পৰম্পৰা ভংগ কৰি কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ শিক্ষাৰ্থীসকলৰ বাবে য়ুনিফৰ্ম নিৰ্ধাৰণ কৰি দিয়াৰ পিছত আন এটা নতুন বিতৰ্ক ইয়াত সংযোগ হৈ পৰিছে।

শিক্ষাৰ্থীসকলৰ অভিযোগ মতে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ য়ুনিফৰ্ম কিনিবলৈ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম প্ৰস্তাৱ কৰিছে, যিটোৰ দ্বাৰা তেওঁলোকৰ নিজৰ পচন্দ আৰু সুবিধাক অগণতান্ত্ৰিক ধৰণে নিয়ন্ত্ৰণ কৰা হৈছে।

জানিব পৰা মতে, বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ এছ. কে. দত্তই “ৰাজু ড্ৰেছেছ” নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক য়ুনিফৰ্ম ক্ৰয় কৰিবলৈ পৰামৰ্শ আগ বঢ়াইছে, য়ুনিফৰ্ম সম্পৰ্কীয় লিখিত নিৰ্দেশনাটোত। আনকি ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ফোন নম্বৰো নিৰ্দেশনাটোত উল্লেখ কৰি দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

“ৰাজু ড্ৰেছেছ”-এ যোৱা বহু বছৰৰ পৰা মহানগৰীৰ প্ৰায়বোৰ ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠানৰ সৈতে একে ধৰণৰ বুজাবুজিৰে ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ পৰা য়ুনিফৰ্ম কিনাই আহিছে। ছাত্ৰ-ছাত্ৰীৰ য়ুনিফৰ্মৰ বাবে বিখ্যাত হৈ পৰা ৰাজু ড্ৰেছেছৰ গুৱাহাটীৰ গণেশগুৰি, ফাঁচিবজাৰ, বেলতলা, ছয়মাইলকে ধৰি প্ৰায় চাৰিটামান শাখা আছে।

স্বাভাৱিকতে বিশ্ববিদ্যালয়খনৰ এই নিৰ্দেশনাৰ পাছতে কেইবাটাও প্ৰশ্ন উদয় হৈছে সচেতন মহলত। এখন ঐতিহ্যমণ্ডিত চৰকাৰী বিশ্ববিদ্যালয়ে নিজৰ ফালৰ পৰা খৰচ বহন নকৰাকৈয়ে ছাত্ৰ-ছাত্ৰীক য়ুনিফৰ্ম কিনিবলৈ কিয় কেৱল এখন নিৰ্দিষ্ট দোকান দেখুৱাই দিলে?

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই। তেওঁ কৰ্তৃপক্ষৰ সিদ্ধান্ত একপক্ষীয় বুলি উল্লেখ কৰাৰ উপৰি কোনোপধ্যেই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে য়ুনিফৰ্ম সমৰ্থন নকৰে বুলিও মন্তব্য কৰে।

তেওঁ কয়, “য়ুনিফৰ্ম সন্দৰ্ভত কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ একতা সভাৰ লগত কোনো ধৰণৰ আলোচনা কৰি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰা নাই। য়ুনিফৰ্মৰ ক্ষেত্ৰত তেওঁলোকৰ সিদ্ধান্ত একপক্ষীয়। য়ুনিফৰ্মৰ ৰং কি হ’ব বা কোন দোকানত চিলাবলৈ দিব এই সকলোবোৰ সিদ্ধান্ত তেওঁলোকে একপক্ষীয়ভাৱে লৈছে।”

ছাত্ৰ-ছাত্ৰীৰ পচন্দ আৰু সুবিধাৰ কথাটো উপেক্ষা কৰাক লৈ সাধাৰণ সম্পাদকজনে কয়, “আমি খবৰ কৰি গম পাইছিলো যে ব্যৱসায়িক প্ৰতিষ্ঠানখনে ৰেমণ্ড নামৰ ব্ৰেণ্ডৰ কাপোৰ ছাত্ৰ-ছাত্ৰীসকলৰ য়ুনিফৰ্মৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে। কিন্তু কটনৰ ছাত্ৰ-ছাত্ৰীয়ে ৰেমণ্ডৰ কাপোৰ পিন্ধিব নে কি কাপোৰ পিন্ধিব সেয়া কটন কৰ্তৃপক্ষই ঠিক কৰি দিয়াটো হজম কৰিব পৰা নাই। ১১০০ টকা খৰচ কৰি কোনোবা ছাত্ৰ-ছাত্ৰীৰ কাপোৰ চিলাবলৈ ধন নাথাকিবও পাৰে, তাতকৈ কম দামতো চিলাব পাৰে।”

Cotton University Uniform Notice
কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনাটোৰ প্ৰতিলিপি।

ইপিনে, বিশ্ববিদ্যালয়খনৰ বিগত বৰ্ষসমূহৰ ফলাফল উন্নত নোহোৱাৰ এটা সমাধান হিচাপে কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱাটোক ‘অতি হাস্যকৰ’ বুলি তেওঁ উল্লেখ কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে, কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানৰ কমিশ্যনৰ অংক থকা বুলি সন্দেহ প্ৰকাশ কৰি কলিতাই কয়, “বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা নিবিদা আহ্বান কৰা হৈছিল। কিন্তু সকলোকে এই সুবিধা নিদি কিয় এখন নিৰ্দিষ্ট ব্যৱসায়িক প্ৰতিষ্ঠানক এই সুযোগ দিয়া হ’ল? কমিশ্যনৰ অংক থাকিব পাৰে বুলি সঠিককৈ ক’ব নোৱাৰিলেও সন্দেহ প্ৰকাশ কৰিছো।”

আনহাতে, ‘কটন বিশ্ববিদ্যালয়ত যুনিফৰ্ম’ৰ বিৰোধিতা কৰা বুলি জানিবলৈ দি সাধাৰণ সম্পাদকগৰাকীয়ে শ্ৰেণী আৰম্ভ হোৱাৰ পাছৰে পৰা আন্দোলনৰো হুংকাৰ দিয়ে।

ইপিনে, এই সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্যই সংবাদ মাধ্যমৰ আগত কয়, “আমাৰ অ’পেন টেণ্ডাৰ হৈছিল, ৰাজু ড্ৰেছেছ-এ এই ঠিকা লাভ কৰিছে। ড্ৰেছ ক্ৰয় কৰিবলৈ এখন বা দুখন দোকানকে দিব লাগিব। সকলো দোকানেই কটনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে য়ুনিফৰ্ম চিলাই ৰৈ নাথাকে।”

তাৰোপৰি, ‘এক ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানক য়ুনিফৰ্মৰ ঠিকা দিয়াতকৈ ‘আৰ্টফেড’ৰ দৰে চৰকাৰী প্ৰতিষ্ঠান এটাকে এই দায়িত্বটো নিদিলে কিয়?’ বুলিও সচেতন মহলে প্ৰশ্ন তুলিছে।

ৰাজু ড্ৰেছেছৰ গণেশগুৰি শাখাৰ কৰ্মচাৰীয়ে আমাৰ সাংবাদিকক জানিবলৈ দিয়া মতে ছাত্ৰ-ছাত্ৰী উভয়ৰে এযোৰ য়ুনিফৰ্মৰ মূল্য ১১০০ টকা। প্ৰতিষ্ঠানখনৰ পৰা বৰ্তমানলৈকে প্ৰায় ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে য়ুনিফৰ্ম ক্ৰয় কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বেদখলকাৰী’ইউছুফ পাঠান!  প্ৰয়োজন হ’লে বুলডজাৰ ব্যৱহাৰ কৰা হ’ব বুলি গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

‘বেদখলকাৰী’ইউছুফ পাঠান!  প্ৰয়োজন হ’লে বুলডজাৰ ব্যৱহাৰ কৰা হ’ব বুলি গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

September 13, 2025 3:01 pm
মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

September 13, 2025 1:39 pm
স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰে’লপথ পালে মিজোৰামে : নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে দিল্লী সংযোগী ৰে’ল

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰে’লপথ পালে মিজোৰামে : নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে দিল্লী সংযোগী ৰে’ল

September 13, 2025 1:05 pm
নিয়ম উলংঘা কৰাৰ বাবে RBIয়ে PhonePeক বিহিলে ২১ লাখ টকাৰ জৰিমনা

নিয়ম উলংঘা কৰাৰ বাবে RBIয়ে PhonePeক বিহিলে ২১ লাখ টকাৰ জৰিমনা

September 13, 2025 1:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বেদখলকাৰী’ইউছুফ পাঠান!  প্ৰয়োজন হ’লে বুলডজাৰ ব্যৱহাৰ কৰা হ’ব বুলি গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

‘বেদখলকাৰী’ইউছুফ পাঠান!  প্ৰয়োজন হ’লে বুলডজাৰ ব্যৱহাৰ কৰা হ’ব বুলি গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

September 13, 2025 3:01 pm
মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

September 13, 2025 1:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd