NORTHEAST NOW (Assamese)

ল’কডাউন; দেশৰ ৮.৩ কোটি বি পি এল পৰিয়াললৈ তিনিমাহৰ বাবে বিনামূলীয়া ৰন্ধন গেছ চিলিণ্ডাৰ মোদী চৰকাৰৰ

March 26, 2020 3:58 pm · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়ত ২৪ মাৰ্চত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত ল’কডাউন ঘোষণা কৰাৰ পাছত ল’কডাউনৰ সময়ত দেশৰ জনসাধাৰণে সন্মুখিন হ’ব পৰা বিভিন্ন সমস্যাৰ সমাধানৰ বাবে ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰিছে।

দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ল’কডাউনৰ প্ৰতি লক্ষ্য ৰাখি ১.৭৬ লাখ কোটি টকাৰ প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ যোজনা ঘোষণা কৰে।

আনহাতে, সীতাৰমণে উজ্জ্বলা আঁচনিৰ অধীনত দেশৰ ৮.৩ কোটি বি পি এল পৰিয়াললৈ চৰকাৰৰ তৰফৰ পৰা তিনিমাহৰ বাবে বিনামূলীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰাৰ কথাও ঘোষণা কৰে।

তদুপৰি, বিত্ত মন্ত্ৰী গৰাকীয়ে দেশৰ জন ধন একাউণ্ট থকা ২০ কোটি মহিলাই তিনিমাহৰ বাবে প্ৰতিমাহে ৫০০ টকাকৈ লাভ কৰিব বুলিও জনায়।

ভাৰতত বৰ্তমানলৈ ৬৫৬ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত ১৬ গৰাকী লোকৰ মৃত্যু হৈছে।

Related News