ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ: কাৰ পক্ষত কোন কোন দেশ?

ৰাছিয়া-ইউক্ৰেইনৰ মাজত লগা যুঁজ খন এতিয়া কেৱল দুখন দেশৰ মাজৰ যুঁজ হৈ থকা নাই। এই যুদ্ধই বিশ্বৰ আন বহু দেশৰ ৰাজনৈতিক তথা কূটনৈতিক ক্ষেত্ৰ খনতো ব্যাপক প্ৰভাৱ পেলাইছে। বিশ্বৰ বহু দেশে ৰাছিয়াক সমৰ্থন কৰাৰ বিপৰীতে বহু দেশে আকৌ ইউক্ৰেইনৰ সমৰ্থনত থিয় দিছে।

আজাৰবাইজানে এই যুদ্ধৰ সময়ত সময়ত ৰাছিয়াৰ সপক্ষে থিয় দিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত যুদ্ধবিৰতিৰ পৰিবেশ ৰচনা কৰাৰ কৃতজ্ঞতা স্বৰূপেই আজাৰবাইজানে ৰাছিয়াক মৌন সমৰ্থন জনাইছে।

ৰাছিয়াৰ প্ৰতি ইৰাণৰো সমৰ্থন থকাৰ কথা বিভিন্ন মহলত আলোচনা হৈছে।

ৰাছিয়াই ইৰানক অস্ত্ৰৰ যোগান ধৰিছিল আৰু চিৰিয়াৰ যুদ্ধৰ সময়ত ইৰানৰ সৈতে সহযোগিতা কৰিছিল।
সেয়ে ইৰাণে ৰাছিয়াক আন্তৰিকতাৰে সমৰ্থন কৰিব বুলি আশা কৰা হৈছে।

তদুপৰি ইৰানৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰই নিষেধাজ্ঞা আৰোপ কৰি থৈছে। সেয়ে আমেৰিকাই সমৰ্থন কৰা ইউক্ৰেইনক ইৰানে সমৰ্থন কৰাৰ প্ৰশ্নই নুঠে।

ইউক্ৰেইন আক্ৰমণৰ প্ৰসংগত চীনেও ৰাছিয়াক আনে দেখাকৈ নহ’লেও পৰোক্ষ ভাবে সমৰ্থন জনাইছে। চীনে ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ বিৰুদ্ধে ভোটদানৰ পৰা বিৰত আছে। দৰাচলতে চীন ৰাছিয়াৰ অন্যতম মুখ্য বাণিজ্যিক অংশীদাৰ। যোৱা কেইবছৰমানৰ পৰা মস্কোৱে বেইজিংৰ সৈতে ইয়াৰ বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰি তুলিছে।

সামৰিক বাহিনীৰ তথা মহাকাশ সম্পৰ্কীয় কাৰ্যসূচীত চীনে ৰাছিয়াৰ সৈতে বহু সময়ত সহযোগিতাৰে কাম কৰিছে।
বেলাৰুছ, আৰ্মেনিয়া, কাজাখস্তান, কিৰগিজস্তান আৰু কিৰগিজস্তানকে ধৰি যিবোৰ দেশ এসময়ত ছোভিয়েট ইউনিয়নৰ অংশ আছিল সেইবোৰ দেশেও ৰাছিয়াৰ কাষত থিয় দিয়াৰ সম্ভাৱনা প্ৰৱল।

পুটিনক সমৰ্থন আগবঢ়াইছে ৰাছিয়াৰ ঘনিষ্ঠ সহযোগী কিউবাই। ইপিনে ৰাছিয়া আৰু ইউক্ৰেইনৰ সৈতে থকা সুসম্পৰ্কৰ বাবে ভাৰতে নিৰপেক্ষ স্থিতি বজাই ৰাখিছে।

বেলজিয়াম, কানাডা, ডেনমাৰ্ক, ফ্ৰান্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নেডাৰলেণ্ড, নৰৱে, পৰ্তুগাল, যুক্তৰাজ্য আৰু আমেৰিকা যুক্তৰাজ্য আদি দেশে আকৌ ইউক্ৰেইনৰ পক্ষত থিয় দিছে। জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া আৰু কানাডা আদি দেশে ইউক্ৰেইনক সমৰ্থন কৰি আছে।

অষ্ট্ৰেলিয়াই ৫০মিলিয়ন ডলাৰৰ সামৰিক সাহায্য পেকেজৰ অংশস্বৰূপে ইউক্ৰেইনলৈ ক্ষেপনাস্ত্ৰ পঠিয়াব বুলি ঘোষণা কৰিছে।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে এই কথা প্ৰকাশ কৰিছে।

আমেৰিকাৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে ইউক্ৰেইনক অতিৰিক্ত ৩৫০ নিযুত ডলাৰৰ সামৰিক সাহায্য তাৎক্ষণিক ভাবে প্ৰদান কৰিব বুলি কিছুদিন পূৰ্বে ঘোষণা কৰিছিল।

উল্লেখ্য ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেইনৰ বিমান ঘাটি সমূহ ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে বাণিজ্যিক কেন্দ্ৰ সমূহ ধ্বংসৰ গৰাহত পৰিছে।