NORTHEAST NOW (Assamese)

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

July 20, 2025 8:30 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: July 20, 2025 5:50 pm

কংগ্ৰেছ নেতৃত্বৰ সৈতে দূৰত্ব বৃদ্ধি পাইছে নে নাই সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ মাজতে শনিবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা তিৰুৱনন্তপুৰমৰ সাংসদ শশী থাৰুৰে কয় যে ‘ৰাষ্ট্ৰীয় স্বাৰ্থৰ বাবে ৰাজনৈতিক দলসমূহৰ সহযোগিতা অতি প্ৰয়োজনীয়

কেৰালাৰ কোচিত ‘শান্তি, সম্প্ৰীতি আৰু ৰাষ্ট্ৰীয় উন্নয়ন বিষয়ক এক অনুষ্ঠানত তেওঁ কয়, ‘দেশ প্ৰথমে। ৰাজনৈতিক দলবোৰ আচলতে মাথোঁ এটা উপায় যাৰ জৰিয়তে আমি দেশখনক উন্নত কৰি তুলিব পাৰো।’

থাৰুৰৰ ভাষাত ‘আপোনাৰ প্ৰথম আনুগত্য কোন হব লাগে? মোৰ মতে দেশেই প্ৰথম। পাৰ্টি হৈছে এনে এক মাধ্যম যাৰ জৰিয়তে আমি দেশখনক উন্নত কৰি তুলিব পাৰো। দেশৰ উন্নয়নৰ পথত প্ৰতিটো দলৰ নিজস্ব ধাৰণা থাকে আৰু ইয়াৰ সৈতে তেওঁলোকৰ মতানৈক্য হব পাৰে।’

শেহতীয়াকৈ এইগৰাকী জ্যেষ্ঠ নেতাই ‘অপাৰেচন সিন্দুৰ সন্দৰ্ভত গেৰুৱা  শিবিৰৰ বিভিন্ন মন্তব্য আৰু সিদ্ধান্তক সমৰ্থন কৰাৰ বাবে কংগ্ৰেছৰ ভিতৰত সমালোচনাৰ সন্মুখীন হৈছে। তেওঁ সেই কথাৰ প্ৰতিও সঁহাৰি জনায়। তেওঁ কয়, ‘মই আমাৰ সশস্ত্ৰ বাহিনী আৰু চৰকাৰৰ কাষত থিয় দিছো বাবে বহুতে মোক সমালোচনা কৰিছে। শেহতীয়াকৈ দেশৰ ভিতৰত আৰু সীমান্তত যিবোৰ ঘটিছে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে এয়া দেশৰ বাবে সঠিক সিদ্ধান্ত। গতিকে মই মোৰ ষ্টেণ্ডত দৃঢ়তাৰে থিয় দিম।’

অনুষ্ঠানত এজন ছাত্ৰই কংগ্ৰেছ নেতৃত্বৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে সোধাত থাৰুৰে কয় যে তেওঁৰ দৰে বহুত আছে, যিয়ে দলৰ মূল্যবোধ আৰু আদৰ্শক সন্মান কৰে আৰু সেইবাবেই তেওঁলোক দলত আছে। কিন্তু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত আন দলৰ লগতো সহযোগিতা কৰাটো গুৰুত্বপূৰ্ণ। কেতিয়াবা এনে স্থিতি দলে অবিশ্বাস্য বা বিৰোধী বুলি গণ্য কৰে। ইয়াতেই মূল সমস্যাৰ সৃষ্টি হয়।

কংগ্ৰেছ নেতাগৰাকীয়ে গণতন্ত্ৰৰ আন্তঃগাঁথনি আৰু ইয়াত ৰাজনৈতিক দলৰ স্থানৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁৰ বিশ্বাস যে প্ৰতিযোগিতা হব। কিন্তু যেতিয়া জাতীয় সংকটৰ সৃষ্টি হয় তেতিয়া একেলগে কাম কৰাটো গুৰুত্বপূৰ্ণ।

দীৰ্ঘদিনীয়া ৰাজনৈতিক কেৰিয়াৰৰ আধাৰত তেওঁ সোঁৱৰাই দিছিল, ‘যোৱা ১৬ বছৰ ধৰি মই ৰাজহুৱাভাৱে ‘সংহত উন্নয়নৰ কথা কৈ আহিছো। মই বিশ্বাস কৰোঁ যে দেশৰ উন্নয়নৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাও অতি গুৰুত্বপূৰ্ণ।’

Related News