• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্ত! অৱসৰ প্ৰাপ্ত শিক্ষকেৰে পূৰণ কৰিব অসমৰ চৰকাৰী মডেল ডিগ্ৰী কলেজৰ খালী শিক্ষকৰ পদ

মাধুৰ্য ফুকন by মাধুৰ্য ফুকন
March 29, 2026 6:35 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ লাহৰীঘাটৰ কুশতলীত অৱস্থিত চৰকাৰী মডেল ডিগ্ৰী কলেজত অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ বাবে ১০টা অস্থায়ী শিক্ষকৰ পদৰ বাবে (ইংৰাজী, অসমীয়া, ৰাজনীতি বিজ্ঞান, ইতিহাস আৰু শিক্ষা বিষয়ত) ৱাক-ইন ইন্টাৰভিউৰ জাননী দিয়া হৈছে। এই পদসমূহৰ বাবে প্ৰতিমাহে ১ লাখ টকাৰ একক স্থায়ী পাৰিতোষিক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।  

যি সময়ত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ নিবনোৱা যুৱক যুৱোতীক সংস্থাপন দিয়াৰ সপোন দেখুৱাছে একে সময়তে মুখ্য মন্ত্ৰীৰ দক্ষ চৰ্কাৰে এইসকল যুৱক যুৱতীৰ ভাত মাৰি পেঞ্চন লাভ কৰা অৱসৰ প্ৰাপ্ত শিক্ষক নিযুক্তি দিবলৈ বিজ্ঞাপন প্ৰকাশ কৰিছে।

Apply Now

চৰকাৰৰ এনে বিজ্ঞাপন দেখি নিবনুৱা যুৱক-যুৱতীৰ মাজত ক্ষোভিত হৈ পৰাৰ লগতে শিক্ষক সমাজৰ বাবেও অপমান জনক বুলি অভিহিত কৰিছে একাংশই। সম্প্ৰতি চৰকাৰে চাকৰি সৃষ্টি কৰি নিবনোৱা সংস্থাপন দি বৰ্ধিত নিবনোৱা সমস্যা দূৰ কৰাৰ পৰিৱৰ্তে অৱসৰপ্ৰাপ্ত শিক্ষকক নিযুক্তি দি খালীপদ পূৰণ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে নিবনোৱা যুৱক-যুৱতীসকলৰ লগতে সচেতন মহলে।   

উল্লেখ্য যে শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে ৪ এপ্ৰিলত এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছিল, আৰু ৮ মে’ত শিক্ষা বিভাগৰ এক নিৰ্দেশনাৰ জৰিয়তে ইয়াক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছিল। এই নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ নতুনকৈ প্ৰতিষ্ঠিত গৱৰ্ণমেণ্ট মডেল ডিগ্ৰী কলেজসমূহত ৫০% শিক্ষকৰ পদ অৱসৰপ্ৰাপ্ত শিক্ষকৰ বাবে সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ৬৫ বছৰ পৰ্যন্ত বয়সৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলক তেওঁলোকৰ পেঞ্চনৰ উপৰিও প্ৰতিমাহে ১ লাখ টকাৰ পাৰিতোষিক প্ৰদান কৰা হ’ব।

সেই সময়তে, গুৱাহাটী বিশ্ববিদ্যালয় গৱেষক সংস্থা (GURSA) আৰু ভাৰতৰ ছাত্ৰ সংগঠন (SFI)ৰ অসম ইউনিটে এই নীতিয়ে নতুন শিক্ষিত, উদ্যমী আৰু আধুনিক শিক্ষণ পদ্ধতিত দক্ষ প্ৰাৰ্থীসকলৰ সুযোগৰ পথ বন্ধ কৰা বুলি যুক্তি প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ জনাইছিল।

এই নীতিয়ে যোগ্য যুৱ প্ৰাৰ্থীৰ সুযোগ হ্ৰাস কৰাৰ লগতে শিক্ষা প্ৰতিষ্ঠানসমূহৰ দীৰ্ঘম্যাদী উৎপাদনশীলতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব বুলি অভিযোগ কৰাৰ লগতে ৫০ হাজাৰ টকাৰ নিৰ্ধাৰিত পাৰিতোষিকেৰে নৱনিযুক্ত শিক্ষকে তিনি বছৰৰ পৰীক্ষামূলক সময়সীমা নিৰ্ধাৰণৰ নিয়মে কেৰিয়াৰৰ ক্ষেত্ৰত অনিশ্চয়তা আৰু অস্থিৰতাৰ সৃষ্টি কৰিব বুলি শংকা প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও, নতুন মডেল কলেজসমূহৰ গৱৰ্ণিং বডীত স্থানীয় বিধায়কক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তই ৰাজনৈতিক হস্তক্ষেপৰ সম্ভাৱনা বৃদ্ধি কৰিছে।  

উল্লেখ্য যে ২০১৭ চনৰ এপ্ৰিল মাহৰ উচ্চ শিক্ষা বিভাগৰ এক জাননীত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে কলেজৰ গৱৰ্ণিং বডীৰ সভাপতি কোনো ৰাজনৈতিক দলৰ সৈতে সক্ৰিয়ভাৱে জড়িত থাকিব নোৱাৰিব। এই নীতিৰ লক্ষ্য আছিল নিয়োগ প্ৰক্ৰিয়াত স্বচ্ছতা আৰু নিৰপেক্ষতা বজাই ৰখা। কিন্তু নতুন নিয়মে এই নীতিৰ বিপৰীতমুখী পদক্ষেপ গ্ৰহণ কৰিছে, যিয়ে নিয়োগ প্ৰক্ৰিয়াত ৰাজনৈতিক প্ৰভাৱৰ আশংকা সৃষ্টি কৰিছে।

শেহতীয়াকৈ লাহৰীঘাটৰ কুশতলীত অৱস্থিত চৰকাৰী মডেল ডিগ্ৰী কলেজৰ লগতে ৰাজ্যখনৰ তিনিখনকৈ চৰকাৰী মডেল ডিগ্ৰী কলেজৰ বাবে অস্থায়ী শিক্ষকৰ বাবে প্ৰকাশ পোৱা বিজ্ঞাপনৰ পিছতে বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰিছে। চৰকাৰৰ এই সিদ্ধান্ত গ্ৰহণ কৰিব লগীয়া হোৱাটো য’ত চৰকাৰে হাজাৰ হাজাৰ যোগ্য প্ৰাৰ্থী থকাৰ পিছতো অৱসৰ প্ৰাপ্ত শিক্ষকৰ দ্বাৰা খালীপদ পূৰণ কৰিবলগীয়া হোৱাটো চৰকাৰে নিজে প্ৰৱৰ্তন কৰা শিক্ষা নীতিৰ ওপৰতে এক মোক্ষম আঘত।

মাধুৰ্য ফুকন

মাধুৰ্য ফুকন

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd