NORTHEAST NOW (Assamese)

বকোত ৰে’লৰ আগত পৰি নৱ বিবাহিত দম্পতীৰ আত্মহত্যা

August 20, 2018 4:46 pm · এন ই নাও নিউজ
Updated: August 20, 2018 7:45 pm

আজি কামৰূপ জিলাৰ বকোত এহাল নৱ-বিবাহিত দম্পতীয়ে চলন্ত ৰেলগাড়ীৰ হাগত জঁপিয়াই পৰি আত্মহত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

আৰক্ষী সূত্ৰত প্ৰকাশ যে ৰণময় মণ্ডল (৩০) আৰু পঞ্চমী বিশ্বাস (২৩) নামৰ দম্পতীটোৱে বকো ৰে’লৱে ষ্টেইশ্যনৰ সমীপত এখন চলন্ত ৰে’লগাড়ীৰ আগত জঁপিয়াই পৰি আত্মহত্যা কৰে। দম্পতীটোৰ ঘৰ বকোৰ এলেকাৰ ত্ৰিলোচনত। আৰক্ষীয়ে জনোৱা মতে ঘটনাস্থলীত লগে লগে দম্পতীটোৰ মৃত্যু হয়।

”পতি-পত্নীয়ে এনেদৰে আত্মহত্যা কৰাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।  দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।” আৰক্ষী বিষয়াগৰাকীয়ে জনাইছে ।

Related News