• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এজাহাৰ দাখিলৰ ১৮ দিনৰ পিছতো অভিযুক্ত মন্ত্ৰী ৰাজেন গোহাঁইক জেৰা কৰিবলৈ সাহস হোৱা নাই নগাঁও আৰক্ষীৰ

NE NOW NEWS মিণ্টু দাস
নগাঁও , August 20, 2018 6:04 pm

3 min read

40e6e402-c45a-4f0d-8831-7cba2dd57a82
103
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে নগাঁৱত এখন সংবাদমেল আয়োজন কৰি কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ লগতে নগাঁও আৰক্ষীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ কলিতা আৰু সংগঠনটোৰ অন্য নেতৃত্ব।

কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ ৰাজেন গোহাঁইৰ বিৰুদ্ধে ধৰ্ষণৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হোৱা তথা গোচৰ পঞ্জীয়নভূক্ত হোৱাৰ ১৮ দিন উকলি যোৱাৰ পিছতো নগাঁও আৰক্ষীয়ে গোঁহাইক সোধা পোচা নকৰাক লৈ এতিয়া সকলো দল সংগঠন জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে।

ইয়াৰ উপৰি নগাঁও আৰক্ষীৰ পক্ষপাতদুষ্ট ভূমিকাৰ বাবেই এতিয়া নিজৰ ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত চৰম অনিশ্চয়তাত ভুগিব লগীয়া হৈছে ভুক্তভোগীৰ পৰিয়াল।

কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইক “অসমৰ ৰাজনৈতিক জগতৰ সৰ্বকালৰ নিকৃষ্ট আৰু কলংকিত ব্যক্তি” আখ্যা দি কৃষক-শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ সভাপতি প্ৰদীপ কলিতাই কয় -“এই গৰাকী ৰাজেন গোহাঁইৰ বিৰুদ্ধে জিলাখনৰ এগৰাকী মহিলাই যৌন নিৰ্যাতনৰ অভিযোগ তুলি নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। এজাহাৰ দাখিল কৰাৰ পাছত গোহাঁইৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হোৱাৰ পিছতো নগাঁও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাটো দূৰৈৰ কথা সামান্যতম সোধা পোচা কৰিবলৈকো সাহস গোটাব পৰা নাই। যিটো অতি দুৰ্ভাগ্যজনক বিষয়’।

সংবাদমেলত কলিতাই ৰাজেন গোহাঁইৰ নব্বৈ দশকৰ কেতবোৰ নাৰী কেলেংকাৰীৰ কথাও উল্লেখ কৰে। কলিতাই কয়- “যদিহে অহা বৃহস্পতি বাৰৰ ভিতৰত ৩৭৬ ধাৰা মৰ্মে আৰক্ষীয়ে ৰাজেন গোহাঁইক গ্ৰেপ্তাৰ নকৰে তেন্তে শনিবাৰৰ পৰা পৰিষদে নগাঁৱত বিভিন্ন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।

আৰক্ষীয়ে গোহাঁইক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত সংগঠনটোৱে নগাঁৱত এই আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব বুলিও কলিতাই সংবাদ মেলত হুংকাৰ দিয়ে। সংবাদ মেলত কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ জিলা সমিতিৰ সভাপতি প্ৰদীপ শইকীয়া,  সাধাৰণ সম্পাদক অম্লান জ্যোতি মহন্ত, কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক উৎপল বৰুৱাও উপস্থিত থাকে।

আনহাতে, শনিবাৰে অবিভক্ত নগাঁও জিলাৰ ডবকাতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গোহাঁইৰ পুত্তলিকাও দাহ কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে বিজেপি দলৰেই ভাতৃ সংগঠন বিজেপি যুৱ মৰ্চাৰ নগাঁও জিলা সমিতিৰ এজন সক্ৰিয় সদস্যৰ ২০/২২ বছৰীয়া পত্নীয়ে ধৰ্ষণৰ অভিযোগ তুলি নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। আৰু তেতিয়াৰে পৰা নগাঁৱলৈ অহা নাই কেন্দ্ৰীয় মন্ত্ৰীজন।

তেওঁৰ নগাঁও আগমনৰ লগে লগেই বিভিন্ন দল সংগঠনে প্ৰতিবাদৰে নগাঁও কঁপাই তোলাৰ বাবে শংকাতেই তেওঁৰ দিল্লীৰ পৰা নগাঁৱলৈ অহা নাই বুলি ৰাইজৰ মাজৰ চৰ্চা আৰম্ভ হৈছে।

ইপিনে, গোহাঁইৰ বিৰুদ্ধে উত্থাপিত ধৰ্ষণৰ দৰে গুৰুতৰ অভিযোগৰ সন্দৰ্ভত ৰাজ্যিক বিজেপি আৰু দলৰ হাইকামাণ্ড জ্ঞাত হোৱাৰ পিছতো এই পৰ্যন্ত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত ৰাইজৰ মাজত অসন্তুষ্টি জোৱাৰ উঠিছে। এই গোচৰটোৰ সন্দৰ্ভত নগাঁও জিলা বিজেপি, নগাঁও জিলা অগপ, জিলা কংগ্ৰেছৰ মৌনতাও ৰহস্যৰ সৃষ্টি কৰিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd