বিয়াৰ তিনি মিনিটৰ ভিতৰতে ডিৰ্ভোছ! কাৰণ শুনিলে চকু কপালত উঠিব আপোনাৰ

ফটোঃ সংগ্ৰহীত।

এনেকুৱাও হয়! বিয়াৰ ৩ মিনিটৰ ভিতৰতে ঘটিল বিবাহ বিচ্ছেদ! দুয়োপক্ষই দৰা-কইনাৰ সৈতে বিবাহ পঞ্জীয়ন কাৰ্যালয়ত হাজিৰ হয়। আইন অনুসৰি বিয়া সম্পূর্ণ হোৱাৰ পাছতে আৰম্ভ হ’ল বেমেজালি৷ পঞ্জীয়কৰ ওচৰত বিবাহ প্ৰ-পত্ৰত চহী কৰাৰ পিছত তাৰ পৰা ওলোৱাৰ সময়ত কইনাজনী উজুটি খাই পৰে। দৰাটোৱে তেওঁক হাতত ধৰি ৰখাৰ সলনি খঙত কৈ উঠিল- ‘ষ্টুপিড!’।

যিজন পুৰুষৰ লগত তেওঁ গোটেই জীৱন কটাবলৈ সিদ্ধান্ত লৈছিল, সম্পৰ্ক আৰম্ভ কৰাৰ মুহূৰ্ততে সেই মানুহজনৰ এনে অপমানজনক আচৰণ কইনাজনীয়ে মানি ল’ব নোৱাৰিলে। লগে লগে তেওঁ বিবাহ পঞ্জীয়কক ক’লে, ‘ছাৰ, মই বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিব বিচাৰো।’

লগতে পঢ়কঃ যুদ্ধ হ’ব মৰমৰে! পত্নীৰ সৈতে কাজিয়াৰ পিছত ভুলতো নকৰিব এই ৬টা কাম

বিবাহ পঞ্জীয়কো লগে লগে মান্তি হ’ল! ফলত চাৰিখন হাত এক হোৱাৰ তিনি মিনিটৰ ভিতৰতে ঘটিল বিচ্ছেদ! এইটোকে বিশ্বৰ ইতিহাসত আটাইতকৈ চুটি বিবাহ বুলি কোৱা হৈছে।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে পাৰ্চী উপসাগৰৰ উত্তৰ-পশ্চিম কোণত অৱস্থিত আৰব উপদ্বীপৰ কুৱেইটত। ২০১৯ চনৰ এই ঘটনাৰ ভিডিঅ’ নতুনকৈ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

কেইবাজনো নেটিজেনে কইনাৰ এই পদক্ষেপক সমৰ্থন কৰি লিখিছে, “আত্মসন্মানতকৈ ডাঙৰ একোৱেই নহয়। সকলোৱে এইটোৱেই কৰা উচিত।” কিছুমান মানুহে বুজাবুজিৰ সম্পৰ্ক টানি বিপৰীত মতামতো প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ ছুটীত থকা ‘অগ্নিবীৰ’ হৈ পৰিল কুখ্যাত ডকাইতি দলৰ নেতা, গ্ৰেপ্তাৰ আৰক্ষীৰ

বাতৰি অনুসৰি, ইয়াৰ পূৰ্বে গ্ৰেটাৰ মানচেষ্টাৰৰ স্কট মেককি আৰু ভিক্টোৰিয়া এণ্ডাৰছনৰ বিবাহক আটাইতকৈ চুটি বিবাহ হিচাপে নিৰ্বাচিত কৰা হৈছিল। তেওঁলোকৰ বিবাহৰ সময় আছিল মাত্ৰ ৯০ মিনিট। জনা যায় যে বিয়াৰ পিছত দৰা-দৰাযাত্ৰীৰ আচৰণত কইনাৰ খং উঠিছিল। খঙত তেওঁ দৰাৰ মূৰত এচট্ৰেৰে আঘাত কৰিছিল। ঘটনাৰ গোচৰ আৰক্ষীৰ ওচৰ পাইছিল।