NORTHEAST NOW (Assamese)

কাৰ্বি আংলঙত অচিনাক্ত আক্ৰমণকাৰীয়ে হত্যা কৰিলে দম্পতীক, আহত ৩ সন্তান

April 21, 2025 11:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 21, 2025 11:01 am

কাৰ্বি আংলং জিলাত সংঘটিত হৈছে এক নৃশংস আক্ৰমণৰ ঘটনা। অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত এহাল দম্পতী নিহত হোৱাৰ লগতে তেওঁলোকৰ তিনিটা সন্তান গুৰুতৰভাৱে আহত হৈছে।

দেওবাৰে আৰক্ষীয়ে এই ঘটনাৰ কথা নিশ্চিত কৰিছে। শনিবাৰে নিশা বৰপথাৰ অঞ্চলৰ নামবুৰনদী চাহ বাগিচাৰ ভিতৰৰ মুণ্ডা বস্তিত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, অচিনাক্ত দুৰ্বৃত্তই জুলো মুণ্ডাৰ ঘৰত প্ৰৱেশ কৰি গোটেই পৰিয়ালটোক আক্ৰমণ কৰে। ইয়াৰ পিছতে মুণ্ডা আৰু তেওঁৰ পত্নী পঞ্চমীক দুৰ্বৃত্তসকলে অপহৰণ কৰাৰ বিপৰীতে তেওঁলোকৰ সন্তান তিনিটাক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত এৰি থৈ যায়। সন্তানকেইটিৰ বয়স ৯ৰ পৰা ১৩ বছৰৰ ভিতৰত হ’ব।

আৰক্ষী জানিবলৈ দিয়া মতে এজন পুত্ৰৰ বক্তব্য অনুসৰি তেওঁলোকৰ পিতৃ-মাতৃক শাৰীৰিক নিৰ্যাতনৰ পিছত লৈ যোৱা হৈছে। শিশুকেইটাক প্ৰথমে ওচৰৰ চিকিৎসা কেন্দ্ৰত চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ঘটনাৰ পিছতে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে। দেওবাৰে বিয়লি জুলো আৰু পঞ্চমী মুণ্ডাৰ মৃতদেহ তেওঁলোকৰ বাসগৃহৰ পৰা কিছু দূৰৈত পানীৰে ডুবি থকা কয়লা খনন গাঁতত উদ্ধাৰ হয়।

এতিয়ালৈকে আক্ৰমণকাৰীক চিনাক্ত কৰিব পৰা হোৱা নাই আৰু কি কাৰণত এনে নৃশংস কাণ্ড সংঘটিত হ’ল সেয়া স্পষ্ট হোৱা নাই। আৰক্ষীৰ তদন্ত চলি আছে।

Related News