• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় ডিলিট কৰা হ’ল জ্বলা নোটৰ ভিডিঅ’? ন্যায়াধীশৰ ঘৰৰ পৰা টকা উদ্ধাৰৰ নতুন ৰহস্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 21, 2025 10:15 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ টকা আৰক্ষীয়ে জব্দ নকৰিলে কিয়? আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ম’বাইলত লোৱা জ্বলি যোৱা নোটৰ ভিডিঅ’ কিয় ডিলিট কৰা হ’ল?

উচ্চতম ন্যায়ালয়ৰ তিনিজন ন্যায়াধীশৰ তদন্ত সমিতিৰ এই দুটা প্ৰশ্নৰ সন্মুখীন হৈছে দিল্লী আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী। একে সময়তে প্ৰশ্ন উত্থাপন হয় যে উচ্চতম ন্যায়ালয়ে তদন্তৰ নিৰ্দেশ দিয়াৰ পিছতো কিয় গুৰুত্বপূৰ্ণ ভিডিঅ’ প্ৰমাণ ডিলিট কৰা হ’ল? তেন্তে ইয়াৰ আঁৰত আন অংক আছে?

Apply Now

যোৱা ১৪ মাৰ্চৰ বিয়লি দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পৰাই বিতৰ্ক আৰম্ভ হয়। সেই সময়ত ন্যায়াধীশগৰাকীৰ পত্নী ঘৰত নাছিল। দাবী কৰা হৈছে যে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰাৰ সময়ত ন্যায়াধীশৰ ঘৰত এক বিশাল পৰিমানৰ আধা জ্বলি যোৱা নোটৰ বাণ্ডিল দেখা পাইছিল।

এই তথ্য দিল্লী আৰক্ষীৰ জৰিয়তে অগ্নিনিৰ্বাপক বাহিনীৰ পৰা মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰা হয়। এসপ্তাহ পিছত কলেজিয়ামৰ এখন সভা আহ্বান কৰা হয় আৰু ন্যায়াধীশ ভাৰ্মাক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰাৰ সিদ্ধান্ত লোৱা হয়। প্ৰশ্ন উত্থাপন হয়, ধন আদায়ৰ বিতৰ্ক ঢাকি ৰাখিবলৈ এই বদলিৰ সিদ্ধান্ত লোৱা হৈছিল নেকি?

বিতৰ্কৰ পিছত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই তিনিজন ন্যায়াধীশৰ তদন্ত সমিতি গঠন কৰে। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শীল নাগু, হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জি. এছ সান্ধাৱালিয়া আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনু শিৱৰামনৰ নেতৃত্বত তিনিজনীয়া তদন্ত সমিতিয়ে ইয়াৰ তদন্ত কৰিছে।

সূত্ৰ অনুসৰি শেহতীয়াকৈ তিনিজনীয়া ন্যায়াধীশৰ পেনেলে দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় আৰোৰা, নতুন দিল্লীৰ ডিচিপি দেৱেশ মহলা আৰু অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত থকা কেইবাজনো অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী জোৱানক চমন কৰে। তথ্য লাভ কৰাৰ লগে লগে প্ৰথমে সেই স্থানত উপস্থিত হৈছিল দিল্লী আৰক্ষীৰ তিনিজন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিজন কৰ্মী।

সূত্ৰৰ পৰা জানিব পৰা মতে, জুই নিৰ্বাপনৰ সময়ত উদ্ধাৰ হোৱা আধা জ্বলি যোৱা নোট সমূহৰ কেইবাটাও ভিডিঅ’ তেওঁলোকে বনাইছিল। শেহতীয়াকৈ তদন্ত সমিতিৰ ন্যায়াধীশসকলে যেতিয়া জেৰাৰ সময়ত ভিডিঅ’ ক্লিপসমূহ চাব বিচাৰিছিল, তেতিয়া তেওঁলোকক ক্লিপিংসমূহ ডিলিট কৰা বুলি কোৱা হৈছিল।

কিন্তু কিয়? সূত্ৰ অনুসৰি দিল্লী আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে দাবী কৰিছে যে ভিডিঅ’ ক্লিপসমূহ যাতে আন অবাঞ্চিত লোকৰ হাতত নপৰে তাৰ বাবে উৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশত ডিলিট কৰা হৈছিল। কিন্তু তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত স্বচ্ছতা বজাই ৰাখিবলৈ উচ্চতম ন্যায়ালয়ে নিজেই দিল্লী আৰক্ষীৰ পৰা পোৱা টকা জ্বলাৰ কেইবাটাও ভিডিঅ’ আৰু ছবি নিজৰ ৱেবছাইটত আপলোড কৰে। অৰ্থাৎ ভিডিঅ’বোৰ পাব্লিক প্লেটফৰ্মতে আছিল। তেন্তে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ ফোনৰ পৰা পৃথকে ডিলিট কৰাৰ কাৰণ কি?

কেৱল সেয়াই নহয়, তদন্তৰ সময়ত ন্যায়াধীশ ভাৰ্মাৰ ফোন জব্দ কৰাৰ লগতে অগ্নিনিৰ্বাপক অভিযানৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা সকলোৰে ফোন ফৰেনছিক পৰীক্ষা কৰা হ’ব বুলিও সূত্ৰই প্ৰকাশ কৰিছে। তাৰপিছতো ইমান গুৰুত্বপূৰ্ণ প্ৰমাণ কেনেকৈ মচি পেলোৱা হ’ল? কোৱা হৈছে যে দিল্লী আৰক্ষীৰ ভিতৰতো বিষয়টোক লৈ সন্দেহৰ সৃষ্টি হৈছে। এই প্ৰশ্নটোও উত্থাপন হয় যে ‘উৰ্ধতন কৰ্তৃপক্ষ’ বুলি কাক বুজোৱা হৈছে।

ন্যায়াধীশ ভাৰ্মাৰ ঘৰৰ দুজন গৃহকৰ্মী বক্তব্যই কমিটীৰ সদস্যসকলৰ সন্দেহ বৃদ্ধি কৰিছে। সূত্ৰ অনুসৰি তদন্ত সমিতিৰ জেৰাৰ সময়ত দুয়োজনে দাবী কৰে যে তেওঁলোকে অগ্নিকাণ্ডৰ পিছত এটা ভিডিঅ’ তুলিছিল যদিও ৰাতিটোৰ ভিতৰতে ভিডিঅ’টো ডিলিট কৰি দিছিল। এই ক্ষেত্ৰতো গৃহকৰ্মী দুজনেও “উৰ্ধতন কৰ্তৃপক্ষ”ৰ আদেশৰ কথা উল্লেখ কৰে। ফলত ৰহস্য আৰু ঘণীভূত হৈ পৰিছে।

ন্যায়াধীশ ভাৰ্মাৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা ধন কিয় জব্দ কৰা নহ’ল? দিল্লী আৰক্ষীৰ শীর্ষ দলৰ যুক্তি হ’ল যে যেতিয়ালৈকে এফআইআৰ দাখিল নহয় তেতিয়ালৈকে আৰক্ষীয়ে একো ‘জব্দ’ কৰিব নোৱাৰে৷ এই গোচৰত দাবী কৰা হৈছে যে ন্যায়াধীশ ভাৰ্মাৰ ঘৰৰ পৰা ধন উদ্ধাৰৰ গোচৰত এফআইআৰ দাখিল কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অনুমোদন নোপোৱালৈকে অপেক্ষা কৰিবলগীয়া হৈছিল, যাৰ বাবে নোটসমূহ জব্দ কৰা হোৱা নাছিল।

নিয়ম অনুযায়ী কৰ্তব্যৰত আৰক্ষী জোৱানসকলে নিজৰ জ্যেষ্ঠসকলক নোট উদ্ধাৰৰ বিষয়ে অৱগত কৰে। তাৰ পৰাই এই খবৰটো দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ৰ ওচৰলৈ যায় আৰু মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক এই বিষয়ে অৱগত কৰা হয়।

দিল্লী আৰক্ষীয়ে দাবী কৰিছে যে দেশৰ মুখ্য ন্যায়াধীশৰ পৰা অনুমতি লাভ কৰাৰ পিছতহে এফআইআৰ দাখিল কৰা হৈছিল। অৱশ্যে দিল্লী আৰক্ষী আয়ুক্ত আৰোৰা আৰু দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী অতুল গাৰ্গ দুয়োজনে তদন্ত সমিতিক জনোৱা মতে, অগ্নিকাণ্ডৰ দিনটোত ন্যায়াধীশৰ বাসগৃহৰ ষ্ট’ৰৰুমত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে নোট ভৰ্তি প্ৰকাণ্ড বেগ দেখিছিল।

কিন্তু ন্যায়াধীশ ভাৰ্মাই দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সন্মুখত দিয়া বক্তব্যত দাবী কৰে যে পোহৰলৈ অহা ধনৰ ভিডিঅ’ আৰু ছবি দেখি তেওঁ স্তম্ভিত হৈ পৰিছিল। এইবোৰ তেওঁক ফচোৱাৰ চেষ্টা বুলিও তেওঁ দাবী কৰে। ন্যায়াধীশ ভাৰ্মাৰ ওলোটা প্ৰশ্ন আছিল, কোনোবাই এনেকৈ মুকলি ঠাইত টকা থৈ যাবনে?

পিচে সূত্ৰই জনোৱা মতে, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বক্তব্য ন্যায়াধীশ ভাৰ্মাৰ বক্তব্যৰ সম্পূৰ্ণ বিপৰীত আৰু সেইটোৱে অংকটো জটিল কৰি তুলিছে। এই বিতৰ্কৰ আঁৰত থকা ন্যায়াধীশ ভাৰ্মাই যোৱা ৫ এপ্ৰিলৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়ত যোগদান কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd