দুজন সাক্ষীক ‘হোষ্টাইল’ ঘোষণা : অভি-নীল হত্যাকাণ্ড গোচৰৰ পৰৱৰ্তী শুনানি ১২ জুলাইত

nilotpal-das-abhijeet-nath-who-were-lynched-death-karbi-anglong-570x320-1-1140x570

কাৰ্বি আংলং জিলাৰ ডকমকাৰ কাণ্ঠিলাংছ’ত বিগত বৰ্ষৰ ৮ জুনত সংঘটিত দেশ কঁপোৱা নিলোৎপল-অভিজিত হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাতে দুজন সাক্ষীয়ে ভাষ্য সলনি কৰাৰ বাবে মহামান্য আদালতে তেওঁলোকক শনিবাৰে হোষ্টাইল (স্থিতি পৰিপন্থী) বুলি ঘোষণা কৰিছে।

নগাঁৱত সংবাদ মাধ্যমৰ আগত এই কথা অৱগত কৰে অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ পিতৃয়ে। সংবাদ মাধ্যমৰ আগত দুয়োজনৰ পিতৃয়ে জনোৱা মতে যদিও ভাষ্য সলনি কৰাৰ বাবে দুজন সাক্ষী ক্ৰমে নোমল বসুমতাৰী আৰু উজ্জ্বল মেচক মহামান্য আদালতে হোষ্টাইল বুলি ঘোষণা কৰিছে তথাপিও ই আমাৰ গোচৰত বিশেষ সহায় কৰিব বুলি আমি নাভাবো।

তেওঁলোকে কয় যে আমি মহামান্য আদালতক অনুৰোধ জনাম সাক্ষী দুজনে কাৰ প্ৰৰোচনাত ভাষ্য সলনি কৰিছিল সেই বিষয়টোৰ তদন্তৰ বাবেও মহামান্য আদালতে নিৰ্দেশ দিয়ক।

অভিজিৎ-নিলোৎপলৰ পিতৃদ্বয়ে লগতে কয় যে, সাক্ষীয়ে পুলিচ প্ৰশাসনক দোষী কৰিছে। তেওঁলোকে আৰক্ষীয়ে ভয় দেখুৱা বাবেহে তেনেদৰে সাক্ষী দিয়া বুলি ইতিমধ্যে কৈছে। ই অসমৰ আৰক্ষী প্ৰশাসনৰ বাবে অপমান। আৰক্ষীয়ে এনেদৰে ভাষ্য সলনি কৰা সাক্ষীৰ বিৰুদ্ধে  ব্যৱস্থা লোৱা উচিত। তদুপৰি, ছাত্ৰ-সমাজ আৰু মহিলা সকলেও ইয়াৰ প্ৰতিবাদ কৰা উচিত যাতে কোনো সাক্ষীয়ে নিজৰ ভাষ্য সলনি কৰি অভিষ্ট সিদ্ধি কৰিব নোৱাৰে।

অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ পিতৃদ্বয়ে এনেধৰণৰ কাৰ্যত তৃতীয় পক্ষৰ হাত থকাৰ সন্দেহ কৰি কয় যে, সাক্ষীয়ে এনেদৰে ভাষ্য সলনি কৰি থাকিলে দোষী সাৰি যাব বুলি আমি চিন্তিত হৈছো। বিপক্ষৰ অধিবক্তাইও দোষীক মুকলি কৰি দিয়াৰ বাৱে চেষ্টা চলাইছে। কিন্তু ন্যায়পালিকাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে।

ৰাইজক আহ্বান জনাই দুৰ্ভগীয়া যুৱকদ্বয়ৰ পিতৃদ্বয়ে কয় যে, এনেধৰণৰ ঘটনা যাতে অসমত পুনৰ নহয় তাৰবাবে সকলোৱে সজাগতাৰ সৃষ্টি কৰক। অহা ১২ জুলাইত অভিজিৎ-নিলোৎপলৰ গোচৰৰ পুনৰ শুনানি হ’ব বুলিও পিতৃদ্বয়ে সংবাদমাধ্যমৰ আগত সদৰী কৰে।

উল্লেখ্য যে, যোৱা ১২ জুনত মহামান্য আদালতে গোচৰটোৰ  সাক্ষী নোমল বসুমতাৰীৰ পুনৰ সাক্ষ্য গ্ৰহণৰ নিৰ্দেশ দিছিল। সেই মৰ্মে সাক্ষী নোমল বসুমতাৰী সেইদিনা নগাঁও আদালতত হাজিৰ হ’ব লাগিছিল যদিও তেওঁ হাজিৰ হোৱা নাছিল। সাক্ষীজন আদালতত হাজিৰ নোহোৱা সম্পৰ্কত আচামী পক্ষৰ অধিবক্তাই  সাক্ষী বসুমতাৰীয়ে ন্যায়ালয়ৰ চমন লাভ নকৰাৰ বাবেই সেইদিনা আদালতত হাজিৰ হোৱা নাছিল বুলি মন্তব্য কৰিছিল।

অভি-নীল হত্যাকাণ্ডৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ অন্যতম চাক্ষুষ সাক্ষী আছিল নোমল বসুমতাৰী। গোচৰটোৰ তেওঁ ১৭ নম্বৰ সাক্ষী আছিল। বিগত বৰ্ষত তেওঁ ফৌজাদাৰী বিধিৰ ১৬৪ ধাৰাৰ অধীনত দণ্ডাধীশৰ সন্মুখত ঘটনা সম্পৰ্কত সাক্ষ্যদান কৰিছিল। কিন্তু নগাঁও জিলা তথা সত্ৰ ন্যায়ধীশৰ আদালতত চলা বিচাৰ প্ৰক্ৰিয়াৰ শুনানিৰ সময়ত গোচৰটোৰ  সাক্ষী নোমল বসুমতাৰীয়ে আদালতত নিজৰ ভাষ্য সলনি কৰিছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট সাক্ষী জনক জেৰা চলোৱাৰ প্ৰয়োজন থকা বুলি চৰকাৰী অধিবক্তাই নগাঁও জিলা তথা সত্ৰ ন্যায়ধীশৰ আদালতত এখন আবেদন দাখিল কৰিছিল। সেই আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে সাক্ষীজনক “ক্ৰছ এগজ্যামিনেশ্যন” কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে তেওঁক জেৰাৰ বাবে ১২ জুনৰ দিনটো ধাৰ্য কৰিছিল।

কিন্তু সাক্ষী বসুমতাৰী সেইদিনা আদালতত উপস্থিত নোহোৱাত নগাঁও জিলা তথা সত্ৰ ন্যায়াধীশ ৰীতা ক’ৰৰ আদালতে শনিবাৰৰ (২৯ জুন) দিনটো  ধাৰ্য কৰি নোমল বসুমতাৰীক সোঁ শৰীৰে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। শনিবাৰে সাক্ষীয়ে ভাষ্য সলনি কৰাৰ বাবে তেওঁলোকক ‘হোষ্টাইল’ ঘোষণা কৰে।