NORTHEAST NOW (Assamese)

কপিৰাইট উলংঘন: কংগ্ৰেছ আৰু ভাৰত জোড়ো যাত্ৰাৰ টুইটাৰ হেণ্ডেল অস্থায়ীভাৱে বন্ধ কৰাৰ নিৰ্দেশ আদালতৰ

November 7, 2022 9:31 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 7, 2022 11:17 pm

ভাৰত জোড়ো যাত্ৰাৰ ভিডিঅ’ত জনপ্ৰিয় চিনেমা কেজিএফ-২ ৰ এটা গান ব্যৱহাৰ কৰি বিপদত পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ। অনুমতি অবিহনে ভিডিঅ’ৰ নেপথ্যত এই গান ব্যৱহাৰ কৰাৰ অভিযোগত বাংগালুৰুৰ এখন স্থানীয় আদালতে কংগ্ৰেছ আৰু ভাৰত জোড়ো যাত্ৰাৰ অফিচিয়েল টুইটাৰ হেণ্ডল অস্থায়ীভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে।

এমআৰটি মিউজিকৰ দ্বাৰা দাখিল কৰা কপিৰাইট উলংঘনৰ গোচৰত আদালতে আজি টুইটাৰক কংগ্ৰেছ আৰু ভাৰত জোড়ো যাত্ৰাৰ হেণ্ডেল সমূহ অস্থায়ীভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিযে।

এমআৰটি মিউজিকৰ পৰিচালনা কৰা এম নবীন কুমাৰে যোৱা মাহত তেলেংগানাত প্ৰৱেশৰ পূৰ্বে কৰ্ণাটক ভ্ৰমণ কৰা ভাৰত জোড়ো যাত্ৰাৰ সময়ত কপিৰাইট আইন উলংঘা কৰি চুপাৰহিট কানাড়া চলচ্চিত্ৰ কেজিএফ-২ ৰ সংগীত ব্যৱহাৰ কৰাৰ অভিযোগত ৰাহুল গান্ধীকে ধৰি তিনিগৰাকী কংগ্ৰেছ নেতাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।

এম.আৰ.টি.-ৰ পৰামৰ্শদাতাই দাবী কৰিছিল যে যাত্ৰাৰ সময়ত এই নিৰ্দিষ্ট সংগীতটোৰ ব্যৱহাৰ কৰিবলৈ তেওঁলোকে অবৈধ উপায় অৱলম্বন কৰিছিল আৰু এমআৰটি মিউজিকৰ অধিকাৰ উলংঘন কৰিছিল।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ভাৰত জোড়ো যাত্ৰাৰ টুইট কৰা দুটা ভিডিঅ’ত অনুমতি অবিহনে কেজিএফ-২ৰ জনপ্ৰিয় গান ব্যৱহাৰ কৰা হৈছিল বুলি এমআৰটি মিউজিকে অভিযোগ কৰিছিল আৰু ইয়াৰ পিছতে সংগীত প্ৰতিষ্ঠানটোৱে বেংগালুৰুৰ যশৱন্তপুৰত এখন এজাহাৰ দাখিল কৰিছিল।

Related News