NORTHEAST NOW (Assamese)

ইণ্টাৰনেট সেৱা পুনৰ বন্ধ কৰিবলৈ আবেদন জনাই আদালতত মুখ থেকেচা খালে ৰাজ্য চৰকাৰে

December 20, 2019 4:23 pm · এন ই নাও নিউজ
মুখ্য মন্ত্ৰী সোণোৱাল

নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে অসমৰ জনসাধাৰণে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আইন-শৃংখলাৰ দোহাই দি বিগত ৯ দিনত অসমত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আজি ৰাজ্যত মোবাইল ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়া হয়।

ন্যায়ালয়ৰ নিৰ্দেশত ৰাজ্যত ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়াৰ পাছত অসম চৰকাৰে ৰাজ্যত পুনৰ ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ বাবে ন্যায়ালয়ত আবেদন জনাই যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰৰ আবেদন খাৰিজ কৰে।

অসমত নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে মহা আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পিছতে ১১ ডিচেম্বৰত চৰকাৰে অসমৰ প্ৰায়বোৰ জিলাত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিল।

বিভিন্ন পক্ষই ইণ্টাৰনেট বন্ধৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ পাছত উচ্চ ন্যায়ালয়ে চৰকাৰক ৰাজ্যত ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়াৰ বাবে কঠোৰ নিৰ্দেশ দিয়ে আৰু ন্যায়ালয়ৰ নিৰ্দেশতে চৰকাৰে ইণ্টাৰনেট সেৱা মুকলি কৰি দিবলৈ বাধ্য হয়।

Related News