• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি হটাওক আৰু দেশ বচাওক,সৰ্বানন্দ-হিমন্তক হটাওক অসমক বচাওক: তৰুণ গগৈ

‘সৰ্বানন্দৰ আজিৰ এই অৱস্থাৰ বাবে তেওঁ নিজেই দায়ী’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 20, 2019 4:33 pm
306f6987-a3be-45da-a234-8f4e9df149eb

শুকুৰবাৰে ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’বিজেপি হটাও আৰু দেশ বচাওক, সৰ্বানন্দ হিমন্তক হটাওক অসম বচাওক।‘’ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেলৰ পাছতে শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল পাতি এইদৰে সৰব হৈ পৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

ইপিনে, অসমৰ ছাত্ৰ সমাজ, বুদ্ধিজীৱী, কৰ্মচাৰীৰ বিজেপি চৰকাৰৰ প্ৰতি অনিহা আহিছে বুলি মন্তব্য কৰি গগৈয়ে লগত কয়, ‘’সৰ্বানন্দৰ আজিৰ এই অৱস্থাৰ বাবে তেওঁ নিজেই দায়ী। অসমৰ ৰাইজ আজি জাগ্ৰত হৈছে। চৰকাৰে জ্বলি থকা জুই কুৰা নুমোৱাতকৈ ঘিউ হে ঢালি আছে।‘’

Apply Now

গগৈয়ে লগতে কয়,‘’অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কা বিৰোধী আন্দোলন বিয়পি পৰিছে। আমাৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে। অসমৰ মানুহ সাম্প্ৰদায়িক নহয়। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই বিল খনৰ বিৰুদ্ধে থিয় হৈছে। হিন্দু মুছলমান উভয়ে এই বিলৰ বিৰোধিতা কৰিছে।‘’

ইপিনে, পূৰ্বৰ সৰ্বানন্দ সোণোৱাল আৰু মুখ্য মন্ত্ৰী হোৱাৰ পাছত সৰ্বানন্দৰ স্থিতি সম্পূৰ্ণ ওলোটা হ’ল বুলি দাবী কৰি গগৈয়ে কয়, ‘’সৰ্বানন্দ সোণোৱালে IMDT বাতিল কৰোঁতে উচ্চতম ন্যায়ালয়ত ৫০-৬০ লাখ বিদেশী থকা বুলি কৈছিল। এতিয়া তেওঁ নগণ্য সংখ্যক বিদেশী থকা বুলি কৈছে। ভাৰত চৰকাৰে দিয়া শপতনামাত ভাৰতলৈ শৰণাৰ্থী অহাৰ কাৰণ উল্লেখ আছিল তাত কিন্তু ধৰ্মীয় নিৰ্যাতনৰ কথা উল্লেখ নাছিল।‘’

‘‘’ভোটৰ আশাত তেওঁলোকে এই বিলখন আনিছে। অসমৰ অৰ্থনীতি দিনক দিনে বেয়া হৈ অহা কথাটো ঢাকিবৰ বাবে তেওঁলোকে ধৰ্মীয় আবেগ সৃষ্টি কৰিবলৈ এই বিল খন আনিছে। অসমৰ কোনেও এই বিলখন বুজা নাই, বুজিছে কেৱল হিমন্ত সৰ্বানন্দ। অসমৰ মানুহক বুৰ্বক বুলি ভাবিছে যদি তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে,‘’- গগৈয়ে সংবাদমেলত কয়।

ইপিনে, ‘কা’ৰ সমৰ্থনত বিজেপিৰ শান্তি যাত্ৰাই ৰাজ্যলৈ শান্তি নানে বুলি দাবী কৰি গগৈৰ মন্তব্য ‘বিলখন বাতিল কৰিলেহে অসমলৈ শান্তি ঘুৰি আহিব।‘

আনহাতে, সেই একেখন সংবাদমেলত উপস্থিত থাকি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাটে সমগ্ৰ দেশ অসমৰ ভাৱনাৰ সৈতে একমত হৈ আছে বুলি মন্তব্য কৰে।

‘’কা ৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদ হৈছে। কংগ্ৰেছে কেবৰ বিৰোধিতা কৰিছে লোকসভা আৰু ৰাজ্যসভাত। কংগ্ৰেছে এই বিল কেতিয়াও প্ৰয়োগ নকৰে। কংগ্ৰেছ কেব বিৰোধী আন্দোলনৰ পক্ষত আছে।‘’

তদুপৰি, চৰকাৰে নিজৰ জনসাধাৰণৰ ওপৰত স্বৈৰতন্ত্ৰ চলোৱা কাৰ্য্য কেতিয়াও গ্রহণযোগ্য নহয় বুলি মন্তব্য কৰি তেওঁ কয়, ‘’এয়া গৰিহণাযোগ্য। পীড়িত লোকৰ পক্ষত অসম প্ৰদেশ কংগ্ৰেছ কমিটি সদায় থিয় দি আহিছে।‘’

‘কা’ বাতিল নোহোৱা পৰ্যন্ত সমগ্ৰ দেশতে আন্দোলন চলি থাকিব বুলি উল্লেখ কৰে ৰাৱাটে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

September 8, 2026 5:02 pm
লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

September 8, 2026 3:36 pm
নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

September 8, 2026 3:20 pm
‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

September 8, 2026 3:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

September 8, 2026 5:02 pm
লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

September 8, 2026 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd