NORTHEAST NOW (Assamese)

নিজৰ ৬০ বছৰীয়া মাতৃক ধৰ্ষণ : আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিলে পুত্ৰক

September 25, 2024 3:26 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

নিজৰ মাতৃক ধৰ্ষণ কৰাৰ অভিযোগত এজন ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে উত্তৰ প্ৰদেশৰ আদালতে। লগতে আদালতে ৫১ হাজাৰ টকাৰ জৰিমণাও আৰোপ কৰিছে।

উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ দিন যোৱা বছৰৰ ১৬ জানুৱাৰী। নিজক মাতৃক পথাৰলৈ টানি নি ধৰ্ষণ কৰিছিল পাষণ্ড পুত্ৰই। ঘটনাৰ পিছত লাভত কথাটো কাৰো আগত কোৱা নাছিল মাতৃগৰাকীয়ে। কিন্তু পিছত আন এজন পুত্ৰ আৰু ভতিজীয়ে কথাটো গম পাই থানাত গোচৰ ৰুজু কৰে।
মাতৃগৰাকীয়ে আদালতত কয় যে এবাৰেই নহয়। পুত্ৰই তেওঁক প্ৰতি নিশা যৌন সম্পৰ্ক কৰিবলৈ জোৰ কৰি থাকে।

ধৰ্ষণৰ বাহিৰেও অপৰাধীক অপৰাধমূলক কাৰ্যত জড়িত হোৱাৰ অপৰাধত ১ বছৰৰ অতিৰিক্ত কাৰাদণ্ড আৰু ১০০০ টকা জৰিমনা বিহা হৈছে।

Related News