• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুছলমান প্ৰধান অঞ্চলক ‘পাকিস্তান’ আখ্যা! উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 25, 2024 2:47 pm
139
VIEWS
Share on FacebookShare on Twitter

দেশৰ কোনো অংশকে ‘পাকিস্তান’ বুলি ক’ব নোৱাৰি। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বেদাব্যাছাচৰ শ্ৰীসানন্দক এই বিষয়ে অৱগত কৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে। পূৰ্বে ন্যায়াধীশগৰাকীয়ে বাংগালুৰুৰ এটা বিশেষ অঞ্চলক ‘পাকিস্তান’ বুলি উল্লেখ কৰিছিল। পাছত তেওঁ এই মন্তব্যৰ বাবেও ক্ষমা বিচাৰে। এতিয়া ন্যায়াধীশ চন্দ্ৰচুড়ে তেওঁক কয়, “এয়া (এনে মন্তব্য) দেশৰ ভূখণ্ডৰ অখণ্ডতাৰ বিৰুদ্ধে।”

কিছুদিন পূৰ্বে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বেদাব্যসাচৰ শ্ৰীসানন্দই এটা গোচৰৰ শুনানি গ্ৰহণ কৰি বাংগালুৰুৰ এটা মুছলমান প্ৰধান অঞ্চলক ‘পাকিস্তান’ বুলি উল্লেখ কৰিছিল। তেওঁ কয়, “সেই অঞ্চলত প্ৰতিখন অটোতে ১০ জন যাত্ৰী উঠিছিল।যিমানেই দক্ষ আৰক্ষী বিষয়া নিয়োগ নহওক কিয়, আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাটো সম্ভৱ নহয়। তাত আৰক্ষী বিষয়াক প্ৰহাৰ কৰা হয়। আচলতে ই পাকিস্তানৰ দৰে ভাৰতৰ অংশ নহয়।”

ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে নিজা উদ্যোগত গোচৰটো দাখিল কৰে। মুখ্য ন্যায়াধীশৰ নেতৃত্বত খণ্ড বিচাৰপীঠে সমগ্ৰ গোচৰৰ প্ৰতিবেদন কৰ্ণাটক উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰে। ২০ ছেপ্টেম্বৰত বিচাৰপীঠে জনাইছিল যে ন্যায়াধীশসকলেও নিজৰ মতামত প্ৰকাশ কৰাৰ পূৰ্বে কিছুমান নিয়ম মানি চলিব লাগে। অধিক সাৱধান হ’ব লাগে। ইয়াৰ পাছতে বুধবাৰে ডি ৱাই চন্দ্ৰচুড়ে কয়, ‘দেশৰ কোনো অংশক পাকিস্তান বুলি ক’ব নোৱাৰি। ই দেশৰ ভূখণ্ডীয় অখণ্ডতাৰ বিৰোধী।’

কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ এই মন্তব্যই স্বাভাৱিকতে বিতৰ্কৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ এনে মন্তব্যৰ বাবেও তেওঁ ক্ষমা বিচাৰিছে। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে কয় যে আজিৰ ছ’চিয়েল মিডিয়াৰ যুগত কি হৈ আছে আৰু কি কোৱা হৈছে সেই বিষয়েও আদালতে তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰে। সেয়েহে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বাবেও নিৰ্দিষ্ট নিৰ্দেশনা প্ৰস্তুত কৰিব লাগে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়েও এটৰ্নী জেনেৰেল তুষাৰ মেহতাৰ সহায় বিচাৰিছে।

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd