NORTHEAST NOW (Assamese)

যৌন নিৰ্য্যাতন: ৰাজেন গোহাঁই হাজিৰ হ’ব লাগিব আদালতত

December 26, 2018 8:59 pm · এন ই নাও নিউজ
কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই। ফাইল ফটো।

বহু প্ৰত্যাশিত বগীবিল দলং মুকলি অনুষ্ঠানত ভাষণ প্ৰদানৰ ২৪ ঘণ্টা নৌ হওঁতেই বুধবাৰে যৌন নিৰ্য্যাতনৰ গোচৰত নগাঁৱৰ আদালতৰ চমন জাৰি হৈছে ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ নামত।

গোহাঁইৰ বিৰুদ্ধে পূৰ্বে গোচৰ তৰা মহিলা গৰাকীৰ অভিযোগত অহা ৮ জানুৱাৰিত আদালতত হাজিৰ হোৱাৰ বাবে মন্ত্ৰীজনক চমন দিছে নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে।

ৰে’ল মন্ত্ৰী গোহাঁইৰ বিৰুদ্ধে নগাঁৱৰ দেউৰী গাঁৱৰ এগৰাকী মহিলাই যোৱা ২ আগষ্টত চাকৰিৰ প্ৰলোভনেৰে ধৰ্ষণ কৰা বুলি অভিযোগ তুলিছিল।

মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে নগাওঁ সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪১৭, ৩৭৬ আৰু ৫০৬ ধাৰাৰ অধীনত ২৫৯২/ ১৮ নং এক গোচৰ ৰুজু কৰিছিল।

পৰৱৰ্তী সময়ত অভিযোগ তোলা মহিলাগৰাকীৰ গিৰীয়েকৰূপে পৰিচয় দিয়া এজন লোকে ‘ভুল বুজাবুজি’ৰ বাবেহে মন্ত্ৰীজনৰ বিৰুদ্ধে গোচৰটো ৰুজু কৰা হ’ল বুলি ফে’ছবুকত ৰাজহুৱা কৰা এটা ভিডিঅ’ৰ পিছতে ঘটনাটোৱে অন্য মোৰ লৈছিল। কিন্তু “ভয়-ভাবুকি”ৰ বাবেহে তেনে কৰা বুলি পিছত পুনৰ আদালতৰ কাষ চাপিছিল মহিলাগৰাকী।

নগাওঁ আৰক্ষীয়ে আদালতত দাখিল কৰা প্ৰতিবেদন অগ্ৰাহ্য কৰি গোহাঁইৰ বিৰুদ্ধে বিচাৰ চলোৱাৰ বাবে যোৱা ২০ নৱেম্বৰত নিৰ্দেশ দিছিল আদালতে।

প্ৰদেশ কংগ্ৰেছ, এ আই ইউ ডি এফ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে মন্ত্ৰীগৰাকীৰ তাৎক্ষণিক পদত্যাগ দাবী কৰিছিল।

মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ দিনাই গোহাঁইৰ পক্ষৰ পৰাও মহিলাগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছিল। ঘটনাটো “ৰাজনৈতিক ষড়যন্ত্ৰ” বুলি অভিহিত কৰিছিল বিজেপিৰ মন্ত্ৰীজনে।

Related News