৭ বছৰৰ পিছত কাইলৈ চাঞ্চল্যকৰ ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ৰায়

Haren Saikia

গোটেই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ২০১৩ চনৰ ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডৰ কাইলৈ চূড়ান্ত ৰায়দান কৰিব আদালতে।

কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশ আবিৰুদ্দিন আহমেদৰ বিচাৰপীঠত এই হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলি আছিল।

উল্লেখযোগ্য যে ২০১৩ চনতে সংঘটিত ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ লেহেম গতিক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত ইয়াক খৰতকীয়া কৰাৰ ব্যৱস্থা কৰিছিল চৰকাৰে।

প্ৰায় ৭ বছৰৰ পূৰ্বে অট’ৰিক্সাৰ ভাড়া সম্পৰ্কীয় সামান্য তৰ্কাতৰ্কিৰ পিছত দেউতাকৰ সন্মুখতে ঝংকাৰ শইকীয়া নামৰ কিশোৰজন আৰু দেউতাকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল কেইজনমান অট’ৰিক্সা চালক আৰু একাংশ সহযোগীয়ে। ঘটনাটোত বেয়াকৈ আহত হোৱাৰ পিছত ১ জুলাইত চিকিৎসালয়ত মৃত্যু হৈছিল ঝংকাৰৰ।

গোটেই ৰাজ্য কঁপাই যোৱা হত্যাকাণ্ডটোত আৰক্ষীয়ে তদন্ত চলাই দুজন আৰক্ষীৰ লোককে ধৰি মুঠ ১৬জনক অভিযুক্ত কৰে। ইয়াৰে ১৪জন এতিয়া ডিফু জিলা কাৰাগাৰত বন্দী হৈ আছে।

আনহাতে অভিযুক্ত দুজন আৰক্ষীৰ লোক হ’ল ক্ৰমে ৰমেশ নাথ আৰু হাৰুণ বৰা।

উল্লেখযোগ্য যে নিজৰ চকুৰ সন্মুখতে পুত্ৰৰ ওপৰত চলা এই আক্ৰমণৰ দুঃস্মৃতি পাহৰিবলৈ পিতৃ হৰেন শইকীয়াই চিৰদিনৰ বাবে ডিফু চহৰ এৰি আহে।

কাইলৈ আদালতৰ ৰায় কি হয়, সেয়া চাবৰ বাবে পৰিয়ালৰ লোকৰ লগতে সচেতন সকলোৱে উৎকণ্ঠাৰে বাট চাই আছে।