NORTHEAST NOW (Assamese)

অতি সোনকালেই ক’ভেক্সিন প্ৰদান কৰা হ’ব শিশু আৰু কিশোৰক, কেন্দ্ৰৰ ঘোষণা

May 18, 2021 10:11 pm · এন ই নাও নিউজ

অহা ১০-১২ দিনৰ ভিতৰতে ২ৰ পৰা ১৮ বছৰীয়া শিশু আৰু কিশোৰক পৰীক্ষামূলকভাৱে ক’ভেক্সিন প্ৰদান কৰা হ’ব।

নীতি আয়োগৰ স্বাস্থ্য বিভাগৰ সদস্য ডাঃ ভি কে পলে মঙলবাৰে এখন সংবাদমেলত এই কথা ঘোষণা কৰিছে।

তেওঁ কয় যে ক’ভেক্সিনৰ উৎপাদনকাৰী সংস্থা ভাৰত বায়’টেকে এই সিদ্ধান্ত গ্ৰহ কৰিছে।

যোৱা ১১ মে’ তাৰিখে ‘ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়া’ই এই ভেকচিনবিধক শিশুৰ ওপৰত পৰীক্ষা চলোৱাৰ অনুমতি প্ৰদান কৰিছিল।

যোৱা ফেব্ৰুৱাৰী মাহতে ভাৰত বায়’টেকে এই পদক্ষেপৰ বিষয়ে অনুমতি বিচাৰিছিল যদিও সংস্থাটোক কোৱা হৈছিল যে প্ৰথমে প্ৰাপ্তবয়ষ্কৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কৰি লোৱা হওক।

Related News