ক’ৰ’নাতংকৰ মাজতে সুখবৰ! : এইবাৰ AIIMSত মানৱ দেহত ট্ৰায়েল কৰা হ’ব প্ৰতিষেধক কোভেক্সিনৰ

India's first COVID-19 vaccine Covaxin's human trial starts well

এইবাৰ ভাৰতত তৈয়াৰী কৰা কোভিড১৯ প্ৰতিষেধক কোভেক্সিন(Covaxin)এ দিল্লীস্থ ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান(All India Institute Of Medical Sciences, New Delhi) ত মানৱ শৰীৰত ক্লীনিকেল ট্ৰায়েলৰ বাবে অনুমতি লাভ কৰিছে।

শুকুৰবাৰে AIIMSত এথিকছ কমিটিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে বুলি প্ৰতিষ্ঠানখনৰ এক সূত্ৰত প্ৰকাশ।

দিল্লীস্থিত AIIMSত ১০০ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত এই কোভেক্সিন প্ৰতিষেধকবিধ প্ৰয়োগ কৰা হ’ব।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইতিমধ্যে নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভাৰত বায়’টেকে চলিত মাহৰ ১৫ তাৰিখে দেশৰ প্ৰথম শ্ৰেণীৰ ১২ খন হাস্পতালত প্ৰাথমিক পৰ্যায়ত ৩৭৫ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত এই ভেকচিনবিধৰ ক্লীনিকেল ট্ৰায়েলৰ বাবে প্ৰয়োগ কৰিছে।

লগতে পঢ়ক : অপেক্ষাৰ অৱসান! : ৩৭৫ গৰাকী লোকৰ শৰীৰত কোভিড প্রতিষেধক ‘কোভেক্সিন’ৰ ক্লীনিকেল ট্ৰায়েল আৰম্ভ

যোৱা ১৫ জুলাইত দেশৰ ১২ চিকিৎসা প্ৰতিষ্ঠানত কোভেক্সিনৰ মানৱ শৰীৰত ক্নীনিকেল ট্ৰায়েল কৰা হ’লেও AIIMSত এতিয়াও কোনো স্বেচ্ছাসেৱকৰ শৰীৰত ইয়াক প্ৰয়োগ কৰা হোৱা নাই।

AIIMSৰ সূত্ৰ অনুসৰি অহা সপ্তাহত প্ৰতিষ্ঠানখনত ১০০ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত এই কোভিড১৯ প্ৰতিষেধকবিধক প্ৰয়োগ কৰা হ’ব।
প্ৰতিষেধকবিধ প্ৰয়োগ কৰিবলগীয়া ১০০ স্বেচ্ছাসেৱক সকলৰ বয়স ১৮-৫৫ বছৰ ভিতৰত বুলি জনাইছে সূত্ৰটোৱে।

তেওঁলোকৰ শৰীৰত ভেকচিনটো প্ৰয়োগ কৰাৰ পিছত তেওঁলোকক ১৫০ দিন পৰ্যবেক্ষণত ৰখা হ’ব।

ইতিমধ্যে দিল্লীস্থ AIIMS-এ এই ১০০ জন স্বেচ্ছাসেৱকৰ নাম নথিভুক্ত কৰিছে আৰু ভেকচিনবিধ প্ৰয়োগ কৰাৰ পূৰ্বে প্ৰত্যেকৰে ক’ৰ’না পৰীক্ষা কৰা হ’ব। তেওঁলোকৰ শৰীৰত অন্য ক্ৰণিক ডিজিছ আছে নেকি সেয়াও পৰীক্ষা কৰা হ’ব।

উল্লেখ্য যে, ইতিমধ্যে কোভেক্সিন নামৰ ভেকচিনবিধৰ প্ৰি-ক্লীনিকেল ট্ৰায়েল সফলতাৰে সমপন্ন হৈ গৈছে।

প্ৰি-ক্লীনিকেল ট্ৰায়েল সফলভাৱে সম্পন্ন হোৱা ভেকচিনেহে ক্লীনিকেল ট্ৰায়েলৰ বাবে যোগ্যতা অৰ্জন কৰে।