NORTHEAST NOW (Assamese)

ক’ভিড পজিটিভ চিনাক্ত মুঠ ব্যক্তিৰ সংখ্যাই ৫০০০ অতিক্ৰম কৰিলে ডিব্ৰুগড়ত

August 18, 2020 10:52 pm · অভীক চক্ৰবৰ্তী
প্ৰতিনিধিত্বমূলক ছবি

ক’ভিড১৯ পজিটিভ চিনাক্ত মুঠ ব্যক্তিৰ সংখ্যাই ডিব্ৰুগড়ত পাঁচ হাজাৰৰ সীমা অতিক্ৰম কৰিছে।

মঙলবাৰলৈকে ১৯গৰাকী ক’ভিড ৰোগীয়ে উজনি অসমৰ জিলাখনত প্ৰাণ হেৰুৱাইছে।

এই বাতৰি লিখাৰ পৰলৈকে মঙলবাৰৰ দিনটোত জিলাখনত ২৮১গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ক’ভিড পজিটিভ ব্যক্তিসকলক চিনাক্ত কৰিবলৈ জিলাখনত ৰেপিড এণ্টিজেন টেষ্ট কৰি থকা হৈছে।

লকডাউন কিছু শিথিল কৰাৰ পিছত ডিব্ৰুগড়ত স্বাভাৱিক জীৱনযাত্ৰা আৰম্ভ হৈছে।

জিলাখনৰ ক’ভিড ৰোগীসকলৰ চিকিৎসাৰ বাবে খনিকৰত শেহতীয়াকৈ এটা ৩০০ বিচনাযুক্ত ক’ভিড কেয়াৰ কেন্দ্ৰ মুকলি কৰা হৈছে।

আনহাতে ডিব্ৰুগড় চহৰৰ কমফ’ৰ্ট হোটেলত লক্ষণহীন ক’ভিড ৰোগীসকলৰ বাবে এটা পেইড আইছ’লেচন চেণ্টাৰো মুকলি কৰা হৈছে।

Related News