NORTHEAST NOW (Assamese)

দেশত কৰ’নাত মৃত্যুৰ সংখ্যা ৫০হাজাৰ অতিক্ৰম; ২৬ লাখতকৈয়ো অধিক আক্ৰান্ত

August 17, 2020 9:44 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণ একেৰাহে বৃদ্ধি পাই আহিছে। বৰ্তমান কৰ’না আক্ৰান্তৰ সংখ্যা ২৬লাখ অতিক্ৰম কৰিছে।

আনহাতে, কৰ’না আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই ৫০ হাজাৰ অতিক্ৰম কৰিছে।

সেইদৰে, কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ১৯লাখ অতিক্ৰম কৰিছে।

বিগত ২৪ ঘন্টাত কৰ’নাৰ ফলত ৯৪৪গৰাকী লোকৰ মৃত্যু হৈছে। এতিয়ালৈকে মুঠতে ৫০,৯৫১গৰাকী লোকৰ কৰ’নাৰ ফলত মৃত্যু হৈছে।

দেশত এতিয়ালৈকে কৰ’না আক্ৰান্তৰ সংখ্যা হৈছেগৈ ২৬,৪২,৩৪৪গৰাকী। এদিনত ৬৩হাজাৰতকৈয়ো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে।

দেশত বৰ্তমান সক্ৰিয় কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৭লাখ।

ইপিনে, আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে আৰু এতিয়ালৈকে ১৯,০৯,৫৪১গৰাকী কৰ’না আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিছে।

দেশত কৰ’না আক্ৰান্তৰ হাৰ দিনক দিনে বৃদ্ধি পাইছে যদিও সেইদৰে আক্ৰান্ত ৰোগীৰ আৰোগ্যৰ হাৰো বৃদ্ধি পোৱাটো ভাল লক্ষণ হিচাপে বিবেচিত হৈছে।

Related News