NORTHEAST NOW (Assamese)

বিদেশত আবদ্ধ অসমৰ লোকৰ বাবে ই মেইল মুকলি

April 25, 2020 7:37 pm · এন ই নাও নিউজ
Updated: April 25, 2020 7:40 pm
প্ৰতিনিধিত্বমূলক ফটো

অসম চৰকাৰে ক’ভিড-১৯ মহামাৰীৰ ফলত বিদেশত আবদ্ধ অসমৰ লোকৰ বাবে এটা ই মেইল মুকলি কৰিছে।

ভাৰতলৈ ঘূৰি আহিব খুজিলে এই লোকসকলে asdmaghy@gmail.comত মেইল কৰিব পাৰিব।

অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই শনিবাৰে টুইটাৰযোগে এই কথা সদৰী কৰিছে।

আবদ্ধ লোকসকলক ঘূৰাই অনাৰ বাবে এনে লোকৰ এটা ডেটাবে’ছ ভাৰত চৰকাৰৰ পৰীক্ষণৰ অৰ্থে যুগুত কৰা হ’ব।

অসম চৰকাৰে ৰাজ্যৰ ভিতৰতে বিভিন্ন ঠাইত আবদ্ধ লোকসকলক এ এছ টি চি বাছৰ জৰিয়তে নিজ ঘৰ বা কৰ্মথলী অভিমুখে ঘূৰাই পঠোৱাৰ বাবে শনিবাৰৰ পৰা এক বিশেষ সেৱা মুকলি কৰিছে।

সামাজিক দূৰত্ব বজাই কৰা এই যাত্ৰা বিনামূলীয়া আৰু ইয়াৰ খৰচ অসমৰ স্বাস্থ্য বিভাগে বহন কৰিছে।

তাৰোপৰি, ব্যক্তিগত বাহনৰে যাত্ৰা কৰাৰ বাবে অনুমতি বিচৰা ৫১,৪০২টা অনুৰোধো শুকুৰবাৰ পৰ্য্যন্ত জিলা উপায়ুক্তসকলে লাভ কৰিছে।

অসমৰ বাহিৰত বহিৰাজ্যত আবদ্ধ লোকসকলৰ বাবেও অসম চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে।

অসমৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে বহিৰাজ্যত আবদ্ধ হৈ থকা লোকৰ ৫ লাখ ৭০হাজাৰ মিছড কল লাভ কৰা হৈছে।

আনহাতে, “আছাম কেয়াৰ”ৰ অধীনত অসমৰ বাহিৰত আবদ্ধ অসমৰ লোকসকলক সহায় কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ জনায় যে আন্তৰ্জাতিক পৰ্য্যায়ত আবদ্ধ হৈ থকা অসমীয়া লোকৰ সংখ্যা ৪৯লৈ বৃদ্ধি পাইছে। “৩৭,১৭৬৯০ টকা ইতিমধ্যে তেওঁলোকৰ একাউন্টত দিয়া হৈছে,” মন্ত্ৰী শৰ্মাই কয়।

অসমৰ বাহিৰত চিকিৎসাধীন হৈ থকা লিভাৰ, কেন্সাৰ বা কিডনী ৰোগত আক্ৰান্ত থকা ৰোগী ৮২৯ গৰাকীলৈ বৃদ্ধি পাইছে।

“তেওঁলোকলৈ ২ কোটি ৭ লাখ ২৫ হাজাৰ টকা ইতিমধ্যে প্ৰদান কৰা হৈছে,” শৰ্মাই কয়।

Related News