গুৱাহাটীত নতুন পাঁচখন ঠাইক কণ্টেইনমেণ্ট জ’ন ঘোষণা

COVID-19: Five new containment zone declared in Guwahati

ক’ৰ’নাৰ নতুন সংক্ৰমণৰ বাবে গুৱাহাটী মহানগৰীৰ পাঁচখন ঠাইক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

মহানগৰীৰ খ্ৰীষ্টানবস্তি, ভৰলুমুখৰ বিষ্ণুপুৰ, সাতগাওঁ, শান্তিপুৰ আৰু আজাৰাৰ হিৰাপাৰা গাঁৱক নতুন কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে।

উক্ত অঞ্চলসমূহত ক’ৰ’ণা আক্ৰান্ত ৰোগী পোৱাৰ বাবেই কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

খ্ৰীষ্টানবস্তি অঞ্চলত উত্তৰে সৌৰভ বৰুৱা আৱাস, দক্ষিণে চাৰিং ভিলা, পূবে ৰেডিয়েণ্ট টাৱাৰ আৰু পশ্চিমে অমৰাৱতী পথলৈকে ঘোষণা কৰা হৈছে কন্টেইনমেন্ট জ’ন।

ভৰলুমুখৰ বিষ্ণুপুৰত উত্তৰে কালী মন্দিৰ, দক্ষিণে চানফ্লাৱাৰ ক্লাব, পূবে বিষ্ণুপুৰ বিমলানগৰ পথ, পশ্চিমে বিমলানগৰ মূল পথ।

সাতগাওঁ অঞ্চলত উত্তৰে আমিৰ আলিৰ আৱাস, দক্ষিণে প্ৰপছড ৰোড, পূবে খালিলোৰ ৰহমানৰ আবাস, পশ্চিমে আফচৰ আলিৰ আবাস।

শান্তিপুৰ অঞ্চলৰ উত্তৰে শান্তিপুৰ মছজিদ, দক্ষিণে শান্তিপুৰ হিল চাইড, কাফিলুদ্দিন ৰোড আৰু পশ্চিমে ভূতনাথ।

কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা অঞ্চলসমূহলৈ ১৪ দিনৰ বাবে কোনো ব্যক্তি যাব নোৱাৰাৰ লগতে সেই অঞ্চলৰ পৰা কোনো ব্যক্তি ওলাই আহিব নোৱাৰিব।