NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ প্ৰভাৱ : দেউলীয়া হোৱাৰ দিশে গ’ল্ড জিম! বেংকিং কোডৰ অধীনত বিচাৰিলে দেউলীয়াকৰণৰ নিৰাপত্তা

May 6, 2020 7:41 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফ'টো, উৎস-ৰয়টাৰ

 

সমগ্ৰ বিশ্বজুৰি অব্যাহত থকা ক’ৰ’নাতংকই বিশ্বৰ অৰ্থনীতিৰ ওপৰত মাধমাৰ শুধাইছে।

ইয়াৰ প্ৰভাৱ পৰিছে গ’ল্ড জিমৰ ওপৰতো। ইতিমধ্যে বিশ্বৰ শৰীৰ চৰ্চাৰ এই অভিজাত প্ৰতিষ্ঠানটোৱে আৰ্থিক সংকটত পৰি ঋণ পৰিশোধৰ অপৰাগতা প্ৰকাশ কৰিছে।

আৰ্থিকভাৱে দেউলীয়া হোৱাৰ উপক্ৰম ঘটা অভিজাত প্ৰতিষ্ঠানটোৱে আৰ্থিক সংকট পৰা উদ্ধাৰ তথা ঋণ পৰিশোধৰ পৰা নিষ্কৃতি পাবলৈ দেশৰ বেংকিং ১১ নং ধাৰা দেউলীয়াকৰণ কোডৰ আওতাৰ ভিতৰত দেউলীয়াকৰণ সংৰক্ষণৰ  নিৰাপত্তা বিচাৰিছে।

প্ৰতিষ্ঠানটোৰ মতে সমগ্ৰ বিশ্বত ক’ৰ’নাংতকৰ বাবে প্ৰতিষ্ঠানটোৰ ব্যৱসায় স্তব্ধ হৈ পৰিছে।

‘কোভিড১৯ মহামাৰীয়ে আমাৰ প্ৰতিষ্ঠানৰ অন্তৰ্গত জিমসমূহ পৰিচালন কৰাত প্ৰভাৱিত কৰিছে, আমি আশা কৰো এই আবেদনে বৰ্তমান আমাৰ প্ৰতিষ্ঠানটো পৰিচালনা কৰাত কোনো প্ৰভাৱ নেপেলাব।’ প্ৰতিষ্ঠানটোৱে কয়।

শৰীৰ চৰ্চাৰ ক্ষেত্ৰত অত্যন্ত জনপ্ৰিয় প্ৰতিষ্ঠানটোৰ সমগ্ৰ বিশ্বজুৰি প্ৰায় ৭০০ ৰো অধিক শৰীৰ চৰ্চাৰ কেন্দ্ৰ আছে, যিসমূহ বিশ্বজুৰি অব্যাহত থকা ক’ৰ’নাতংকৰ বাবে যোৱা এমাহৰো অধিক কাল বন্ধ হৈ আছে।

যাৰ ফলত তীব্ৰ আৰ্থিক সংকটত পৰিছে শৰীৰৰ চৰ্চাৰ অভিজাত প্ৰতিষ্ঠানটো।

Related News