NORTHEAST NOW (Assamese)

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

January 20, 2021 12:16 pm · এন ই নাও নিউজ

ভাৰতত ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে। যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৩,৮২৩ গৰাকী আক্ৰান্ত হোৱাৰ তথ্যই ইয়াকে সূচাইছে।

দেশত এই পৰ্যন্ত ১,০৫,৯৫,৬৬০ গৰাকী লোক আক্ৰান্ত হৈছে।

আনহাতে মৃত্যুৰ সংখ্যাও বিগত দিন সমূহৰ তুলনাত হ্ৰাস পোৱা বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ে জনাইছে। মঙলবাৰৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১৬২ গৰাকী।

বৰ্তমানলৈকে সৰ্বমুঠ ১,৫২,৭১৮ গৰাকী লোকৰ ক’ৰ’নাৰ ফলত মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি মুঠ আক্ৰান্তৰ ১,০২,৪৫,৭৪১ গৰাকীয়ে ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিছে।

বৰ্তমান আৰোগ্যৰ হাৰ ৯৬.৭০ শতাংশলৈ বৃদ্ধি পোৱা বুলি মন্ত্ৰ্যালয়ে জনাইছে। মৃত্যুৰ হাৰ হৈছে ১.৪৪ শতাংশ।

দেশত এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা ২ লাখৰ তললৈ হ্ৰাস পোৱা বুলি মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া হয়।

সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১,৯৭,২০১ গৰাকী, যিটো মুঠ আক্ৰান্তৰ মাত্ৰ ১.৮৬ শতাংশহে।

উ্লেখ্য যে ভাৰতত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও বিশ্বৰ বিভিন্ন প্ৰান্তত নতুনকৈ ইয়াৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাত কিছু পৰিমানে শংকিত হৈছে ভাৰত চৰকাৰ।

Related News