NORTHEAST NOW (Assamese)

হত্যাকাৰী চিকিৎসক! কোভিড ৰোগীক হত্যা কৰাৰ নিৰ্দেশ, ভাইৰেল অডিঅ’

June 1, 2025 2:39 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

মহাৰাষ্ট্ৰৰ এগৰাকী চৰকাৰী চিকিৎসকে এগৰাকী মহিলা কোভিড ৰোগীক হত্যাৰ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ এই ঘটনাৰ এটা অডিঅ’ ক্লিপ ভাইৰেল হৈ পৰিছে। জানিব পৰা মতে আৰক্ষীয়ে চিকিৎসকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, ভাইৰেল অডিঅ’টো ২০২১ চনৰ। কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত মহাৰাষ্ট্ৰৰ এগৰাকী চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হৈছে। অডিঅ’টোত আছে দুজন চিকিৎসকৰ মাজত হোৱা কথা-বতৰা।

জানিব পৰা মতে অভিযুক্ত চিকিৎসক দুগৰাকী হৈছে ডাঃ শশীকান্ত দেশপাণ্ডে আৰু ডাঃ শশীকান্ত ডাংগে। প্ৰথমজন হৈছে লাটুৰ জিলাৰ উদ্দীৰ চৰকাৰী চিকিৎসালয়ৰ অতিৰিক্ত জিলা অস্ত্ৰোপচাৰ বিশেষজ্ঞ। দ্বিতীয়জন কোভিড কেয়াৰ কেন্দ্ৰত কৰ্মৰত আছিল।

ভাইৰেল অডিঅ’ ক্লিপটোত ডাঃ দেশপাণ্ডেয়ে কোৱা শুনা গৈছে যে, “কাকো সোমাবলৈ নিদিব। সেই মহিলাগৰাকীক হত্যা কৰক।” মহিলাগৰাকীৰ স্বামীৰ নাম দয়ামি আজিমুদ্দিন গৌছুদ্দিন। ফোনটোৰ সিটো মূৰত ডাঃ ডাংগে আছিল। তেওঁ সতৰ্কতাৰে জনাইছিল যে ইতিমধ্যে অক্সিজেনৰ যোগান হ্ৰাস কৰা হৈছে।

২০২১ চনৰ ১৫ এপ্ৰিলত কৌছাৰ ফাতিমা (৫৩) নামৰ এগৰাকী মহিলাক কোভিডত আক্ৰান্ত হোৱাৰ বাবে উদ্দীৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ফাতিমাক তাত ১০ দিনৰ বাবে ভৰ্তি কৰোৱা হৈছিল। সপ্তম দিনা ডাঃ ডাংগেই গৌচুদ্দিনৰ কাষত বহি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আছিল। সেই সময়ত ডাঃ দেশপাণ্ডেৰ ফোন আহিল আৰু ডাঃ ডাংগে ফোনটো স্পীকাৰত লগাই দিলে।

গৌচুদ্দিনে অভিযোগ কৰে যে ইয়াৰ পিছত ডাঃ দেশপাণ্ডে স্পষ্টকৈ কৈছিল, “ৰোগীজনক হত্যা কৰক। এনে লোকক কি কৰিব লাগে আপুনি ভালদৰেই জানে।” কেৱল সেয়াই নহয়, ডাঃ দেশপাণ্ডেৰ বিৰুদ্ধে ৰোগীৰ সমাজখনক লৈ অশ্লীল ভাষা ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে।

Related News