• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বুকাৰ আন্তর্জাতিক বঁটা বিজয়ী: বানু মুস্তাকৰ ‘হাৰ্ট ল্যাম্প’ আৰু উপেক্ষিত কণ্ঠৰ প্রতিবাদ

পাৰভিন চুলতানা by পাৰভিন চুলতানা
June 1, 2025 2:07 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বানু মুস্তাকৰ ‘হাৰ্ট ল্যাম্প’ ২০২৫ চনৰ মেন বুকাৰ আন্তৰ্জাতিক বঁটা লাভ কৰি এক ঐতিহাসিক সাফল্যৰ পাতনি মেলিছে। এই গ্ৰন্থখনে কেৱল এটি উৎকৃষ্ট সাহিত্যকৰ্ম হিচাপেই নহয়, বৰঞ্চ এক সামাজিক আন্দোলনৰ দলিল হিচাপেও পৰিগণিত হৈছে। ইংৰাজী ভাষাৰ আধিপত্য থকা বিশ্ব সাহিত্যৰ বজাৰত এখন কানাড়া গল্প সংকলনে এই সন্মান লাভ কৰাটোৱে এক যুগান্তকাৰী ঘটনা, যিয়ে ভাৰতীয় আঞ্চলিক সাহিত্যৰ শক্তি আৰু গুৰুত্বক পুনৰ্ব্যক্ত কৰিছে। দীপা ভাসথীৰ অনুবাদখনে মুস্তাকৰ ত্ৰিশ বছৰীয়া সাহিত্যিক যাত্ৰাৰ পৰা বাৰখন গল্প বুটলিলৈ এক সাৱলীল ৰূপত অনুবাদ কৰিছে। এই বাৰটা গল্পই দক্ষিণ ভাৰতৰ মুছলমান মহিলাৰ জীৱন-সংগ্ৰামক এক সুতীব্ৰ আৰু মৰ্মস্পৰ্শী ৰূপত চিত্ৰায়িত কৰিছে। 

এই গল্পসমূহে পাঠকক এক জটিল আৰু অস্বস্তিদায়ক বাস্তৱতাৰ সন্মুখীন হবলৈ বাধ্য কৰাব, য’ত নাৰীজীৱনৰ প্ৰতিটো ক্ষণেই যেন এক যুদ্ধৰ সমান। মুস্তাকে কেৱল নিষ্পেষণৰ বৰ্ণনা কৰিয়েই ক্ষান্ত নহয়, বৰঞ্চ নাৰীৰ অন্তৰ্নিহিত শক্তি আৰু নীৰৱ প্ৰতিবাদকো সমানে উন্মোচন কৰিছে। ‘ব্লেক ক’ব্ৰা’ গল্পত আশ্ৰাফ নামৰ এগৰাকী নাৰীৰ কাহিনীয়ে আমাক এক নিষ্ঠুৰ সমাজৰ চিত্ৰ দেখুৱায়, য’ত নাৰীৰ মৰ্মান্তিক যন্ত্ৰণাকো সমাজৰ চকুত তুচ্ছ বুলি গণ্য কৰা হয়। মছজিদৰ সন্মুখত নিজৰ মৃত্যুশয্যাত থকা সন্তানক লৈ আশ্ৰাফে কৰা নীৰৱ প্ৰতিবাদে সমাজৰ মুখা খুলি দিয়ে, য’ত ধৰ্মীয় নেতা আৰু সমাজপতিসকলে নাৰীৰ দুখ-কষ্টলৈ আওকাণ কৰে। শিশুটিৰ মৃত্যুৰ পিছতহে সমাজৰ চকু মেল খায়, কিন্তু তেতিয়ালৈকে বহু পলম হৈ যায়। এই ঘটনাই গাঁৱৰ নাৰীসকলক একত্ৰিত কৰে, আৰু সিহঁত বিষাক্ত কব্রাৰ দৰে মছজিদৰ মুতাৱালীজনৰ বিৰুদ্ধে যেন এক অঘোষিত যুদ্ধ আৰম্ভ কৰে।

Apply Now

সংকলনৰ নামৰ গল্প ‘হাৰ্ট ল্যাম্প’ত মেহৰুন নামৰ এগৰাকী নাৰীৰ জীৱন-সংঘৰ্ষই আমাক নাৰীজীৱনৰ এক গভীৰ ত্ৰাসদায়ক বাস্তৱতাৰ সন্মুখীন কৰায়। স্বামীয়ে দ্বিতীয় বিবাহ কৰাৰ পিছত মেহৰুনে সকলো আশা হেৰুৱাই পেলায়, আৰু মায়েকৰ পৰিয়ালেও তাইক সহায় কৰিবলৈ অস্বীকাৰ কৰে। তাইৰ ‘হৃদয়ৰ দ্বীপ’ যেননুমাই যোৱাৰ এক মৰ্মান্তিক দৃশ্যই মুছলমান নাৰীৰ অসহায় অৱস্থাক প্ৰতীকায়িত কৰে। কিন্তু ইয়াতো বিদ্ৰোহৰ স্পন্দন আছে – আত্মহননৰ পথ বাচি লোৱা মেহৰুনৰ কন্যা চালমাৰ হস্তক্ষেপে দেখুৱায় যে নাৰীৰ মাজৰ সম্পৰ্কই এই নিষ্ঠুৰ জগতত এক ক্ষীণ আশাৰ সঞ্চাৰ কৰিব পাৰে। গল্পৰ সামৰণিত কোনো সহজ সমাধান নাই, কেৱল এক গভীৰ বাস্তৱতা আছে যিয়ে পাঠকক দীৰ্ঘসময় ধৰি চিন্তা কৰিবলৈ বাধ্য কৰে। 

মুস্তাকে এই সংকলনত নাৰীৰ পীড়নকাৰীসকলকো এক জটিল ৰূপত চিত্ৰায়িত কৰিছে। এ ডিচিস্যন অফ দ্য হার্ট গল্পত ইউছুফে নিজৰ মাকক পুনৰ্বিবাহ কৰাবলৈ লয়, কিন্তু ইয়াৰ পিছত এটা গভীৰ মানসিক সংঘৰ্ষৰ সৃষ্টি হয়। মাকজনীয়ে নিজৰ ইচ্ছাৰ বিৰুদ্ধে এই বিবাহত সন্মতি দিয়ে কেৱল পুত্ৰৰ সুখৰ বাবে, যিয়ে নাৰীৰ আত্মত্যাগৰ এক মৰ্মস্পৰ্শী চিত্ৰ আগবঢ়ায়। আনহাতে দ্য এৰাবিক টীচাৰ এণ্ড গোবি মান্চৌৰি গল্পত এজন ধাৰ্মিক ব্যক্তিৰ কাহিনী বৰ্ণিত হৈছে, যিয়ে নিজৰ পত্নীক কেৱল এটা সুস্বাদু খাদ্য ৰান্ধিব নোৱাৰাৰ বাবে মাৰধৰ কৰে। এই গল্পই ধৰ্মৰ নামত কৰা পুৰুষতন্ত্ৰৰ ভণ্ডামিক উন্মোচন কৰে। 

মুস্তাকৰ সাহিত্যিক শৈলীয়ে ১৯৭০ৰ দশকৰ কৰ্ণাটকৰ বন্দায় সাহিত্য আন্দোলনৰ পৰা প্ৰেৰণা লাভ কৰিছে। এই আন্দোলনে উচ্চবৰ্ণৰ পুৰুষতান্ত্ৰিক সাহিত্যিক প্ৰতিষ্ঠানক প্ৰত্যাহ্বান জনাইছিল আৰু দলিত, নাৰী আৰু সংখ্যালঘু সম্প্ৰদায়ৰ কণ্ঠস্বৰক মূলস্ৰোতলৈ অনাৰ চেষ্টা কৰিছিল। মুস্তাকে এই ঐতিহ্যক আগবঢ়াই নিছে, তেখেতৰ গল্পসমূহে কেৱল বৰ্ণনা নকৰে, বৰঞ্চ এক আত্মজীৱনীমূলক জৰুৰীতাৰে পৰিপূৰ্ণ। তেখেতৰ আইনী পেছা আৰু নাৰী অধিকাৰৰ সপক্ষে কাৰ্যকৰ্মই গল্পসমূহক এক অতুলনীয় বাস্তৱতা প্ৰদান কৰিছে। 

‘হাৰ্ট ল্যাম্প’ৰ গল্পসমূহৰ পুনৰাবৃত্তিমূলক বিষয়বস্তু যেনে – অত্যাচাৰী স্বামী, দুখী পত্নী, সমাজৰ নিৰ্মমতা – কিছু পাঠকৰ বাবে একঘেয়ামি যেন লাগিব পাৰে। কিন্তু এই পুনৰাবৃত্তিয়েই হৈছে মুস্তাকৰ সাহিত্যিক কৌশল, যিয়ে আমাক কয় যে এই সমস্যাবোৰ বিচ্ছিন্ন ঘটনা নহয়, বৰঞ্চ এক গভীৰ সামাজিক ৰোগ। প্ৰতিটো গল্পই যেন এই ৰোগৰ নতুন একোটা দিশ আমাৰ সন্মুখত উন্মোচন কৰে। 

‘হাৰ্ট ল্যাম্প’এ আমাক এক গভীৰ মানৱীয় অভিজ্ঞতাৰ সন্মুখীন কৰায়। এই গল্পসমূহ পাঠ কৰাটো কেৱল এখন কিতাপ পঢ়াৰ সমান নহয়, বৰঞ্চ এক ৰূপান্তকাৰী অভিজ্ঞতা। বানু মুস্তাকে এই গ্ৰন্থৰ জৰিয়তে নাৰীৰ সংগ্ৰাম, প্ৰতিবাদ আৰু জীয়াই থকাৰ ইচ্ছাক এক অসাধাৰণ সাহিত্যিক ৰূপ দিছে। এই গ্ৰন্থই কেৱল এখন সাহিত্যকৰ্ম হিচাপেই নহয়, বৰঞ্চ এক সামাজিক দলিল হিচাপেও চিহ্নিত হ’ব, যিয়ে ভৱিষ্যতৰ প্ৰজন্মক এই সময়ৰ নাৰীৰ সংগ্ৰামৰ বিষয়ে অৱগত কৰাব।

(লেখিকা প্রমথেশ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা)

পাৰভিন চুলতানা

পাৰভিন চুলতানা

প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা

Stay Connected

  • 117k Fans

Recent News

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm
‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

June 4, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd