NORTHEAST NOW (Assamese)

গোলাঘাটত দৈনিক বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা; যোৱা ২৪ ঘন্টাত ১১ জন ক’ভিড ৰোগী চিনাক্ত

April 19, 2021 2:07 pm · মীনাক্ষী ফুকন
প্ৰতিনিধিত্বমূলক ফটো।

যোৱা ১ এপ্ৰিলৰ পৰা গোলাঘাটত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড পজিটিভৰ সংখ্যা। চৰকাৰী সূত্ৰে প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে মুঠ ১৭৮২৭ জন লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন হৈছে।

ইয়াৰ ভিতৰত কালিৰ দিনটোলৈকে জিলাখনত সৰ্বমুঠ ৯৬ জন ক’ভিড পজিটিভ ৰোগী চিনাক্ত হৈছে। বৰ্তমান  ইয়াৰে ৬৪ জনৰ দেহত সক্ৰিয় হৈ আছে এই ভাইৰাছ।

ইপিনে কালি পুনৰ ১১ জন ক’ভিড ৰোগী চিনাক্ত হোৱাৰ লগতে ৪৪ জনক নিজ গৃহতে আইছলেশ্যনত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে, গোলাঘাটৰ ক’ভিড হাস্পাতালত ভৰ্ত্তি হৈ থকা ২০ জনৰ ভিতৰত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পাতাললৈ ৬ জন ৰোগীক  স্থানান্তৰিত কৰাৰ লগতে এজনক গুৱাহাটীৰ নেমকেয়াৰত ৰখা হৈছে।

উল্লেখ্য যে, দৈনিক বৃদ্ধি পোৱা ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশ কিমান দূৰ ফলপ্ৰসূ হৈছে সেইয়া চিন্তনীয় বিষয় হৈ পৰিছে।

এনে জটিল পৰিস্থিতিৰ মাজতে বিহু পালনৰ নামত চৰকাৰী নীতি-নিৰ্দেশনা  অমান্য কৰি বিনা মাস্কে আজিও বজাৰত মানুহৰ ভিৰ পৰিলক্ষিত হৈছে।

Related News