NORTHEAST NOW (Assamese)

ৰঙালীৰ উছাহৰ মাজতে বজালীত কোভিডৰ আগ্ৰাসন : শনিবাৰে জিলাখনত আৰু ৫ গৰাকী আক্ৰান্ত

April 17, 2021 7:58 pm · শশাংক তালুকদাৰ
Updated: April 17, 2021 8:00 pm

ৰঙালী বিহুৰ ব্যাপক উসাহৰ মাজতে বজালী জিলাত অতিমাৰী কোভিডৰ ভয়াৱহ আগ্ৰাসন দেখা গৈছে।

কোভিডৰ দ্বিতীয় প্ৰৱাহত জিলাখনত ইতিমধ্যে কোভিড পজিটিভ পোৱা গৈছে ২১ গৰাকীকৈ ব্যক্তিৰ শৰীৰত।

ইয়াৰে শনিবাৰে দিনটোতে পোৱা গৈছে ৫ গৰাকীকৈ পজিটিভ।

পাঠশালাৰ মুকেশ শৰ্মা (৩৪), নিত্যানন্দৰ অৰূপ তালুকদাৰ (২৭), খাৰাধৰাৰ হাবিল আলী (১৭)ৰ দেহত শনিবাৰৰ দিনটোত পোৱা গৈছে কোভিড পজিটিভ।

কোনোধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা আটাইকেইগৰাকী ব্যক্তি সম্প্ৰতি হোম কোৱাৰেন্টাইনত আছে।

জিলাখনৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ মুনিন তালুকদাৰে জনোৱা মতে এতিয়ালৈকে সৰ্বমুঠ ১১৩৮ গৰাকী ব্যক্তিক টেষ্ট কৰা হৈছে আৰু শনিবাৰৰ দিনলৈকে ২১ গৰাকী ব্যক্তি কোভিড পজিটিভ পোৱা গৈছে।

আতংকিত নহৈ সকলোকে কোভিড বিধি মানি চলিবলৈ পৰামৰ্শ আগবঢ়াইছে চিকিৎসক গৰাকীয়ে।

কিন্তু জিলাখনৰ সদৰ পাঠশালাৰ লগতে ভিন্ন প্ৰান্তত বিহুৰ অনুষ্ঠান চলি থকালৈ লক্ষ্য কৰিলে আগন্তুক দিনত এই অতিমাৰীয়ে যে ভয়ানক ৰূপ ল’ব পাৰে সেয়া অনুমেয় ।

Related News